ধেমাজিত মুগা পালকৰ দুদৰ্শা; বৰষুণ নোহোৱাৰ বাবে মৰিছে শ শ মুগা পলু - Muga farmers in crisis
ধেমাজি , 11 জুন:এফালে বিধ্বংসী ধুমুহা আনফালে আকৌ খৰাঙৰ বাবে মূৰে কপালে হাত দিছে এতিয়া মুগা পলু পালকে ৷ ধেমাজিৰ মাছখোৱা অঞ্চলত বহু লোকে মুগা পলু পালন কৰিয়েই পৰিয়াল পোহ পাল দি আহিছে ৷ বতৰৰ ওপৰত নিৰ্ভৰশীল বহু লোকে এইবাৰ নিজৰ চোমনি বাৰীত মুগা পলুক পানী যোগান ধৰিব পৰা নাই ৷ ফলত প্ৰখৰ ৰ’দৰ বাবে পানীৰ অভাৱত মৃত্যু মুখত পৰিছে শ শ মুগা পলু ৷
ধেমাজি মাছখোৱা চৌখাম গাঁৱৰ মুগা পালকসকলে লাভৰ সলনি মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ কিন্তু আচৰিত কথা যে, চৰকাৰৰ এটা বিয়াগোম বিভাগ থকাৰ পাচতো মুগা পলু খেতিয়কৰ খবৰ নলয় আৰু পৰ্যাপ্ত সা-সুবিধাৰ পৰা বঞ্চিত মুগা পলু পালকসকল ৷ অথচ বিভাগীয় বিষয়া কৰ্মচাৰীসকলে কাৰ্যালয়তে বহি চাহৰ জুতি লৈ আদ্দা মাৰি মাহেকত মোটা দৰমহা লৈ আৰামদায়ক জীৱন কটাই আহিছে বুলি অভিযোগ তুলিছে ভুক্তভোগী মুগাপালকে ৷
লগতে পঢ়ক:Assam earthquake : অসমত 3.6 প্ৰাৱল্যৰ ভূমিকম্প, অভিকেন্দ্ৰ শোণিতপুৰ