অসম

assam

Suresh Borah quits Congress: সুৰেশ বৰাৰ পদত্যাগক উৰা বাতৰি আখ্যা প্ৰদ্যুৎ বৰদলৈৰ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 6:39 PM IST

Pradyut bordoloi on suresh Bora

নগাঁও, 10 নৱেম্বৰ: শুকুৰবাৰে এটা খবৰে তোলপাৰ লগাই সমগ্ৰ নগাঁও জিলাত ৷ খবৰটো হ’ল ৰাজনৈতিক ৷ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই পদত্যাগ কৰা বুলি প্ৰকাশিত খবৰটোৱে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰে ৷ একাংশ সমৰ্থৰ সহিতে সুৰেশ বৰাই নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ লগতে দলটোৰ সাধাৰণ সদস্যৰ পদো ত্যাগ কৰা বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত অৱশ্যে সুৰেশ বৰাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ 

এই সন্দৰ্ভত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই পদত্যাগ কৰা নাই । পদত্যাগৰ বাতৰিটো এটা উৰা বাতৰি । সুৰেশ বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মাতি পঠিওয়াটো সঁচা, কিন্তু তেওঁ পদত্যাগ কৰা নাই । সুৰেশ বৰা কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান কৰ্মী । তেওঁ কোনো ধৰণৰ ষড়যন্ত্ৰৰ বলি হোৱা নাই । 

শুকুৰবাৰে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই জিলা সভাপতি আৰু সাধাৰণ সদস্যৰ পদ ত্যাগ কৰাৰ এক খবৰ বিয়পি পৰাৰ পিছতেই সুৰেশ বৰাৰ বাসগৃহত উপস্থিত হৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে পঢ়ক:Suresh Borah quits Congress: কংগ্ৰেছৰ সংগ ত্যাগ সুৰেশ বৰাৰ

ABOUT THE AUTHOR

...view details