অসম

assam

আয়ুষ্মান ভৱ কাৰ্যসূচীৰ অংশগ্ৰহণ প্ৰদান বৰুৱাৰ

ETV Bharat / videos

Ayushman Bhava Scheme: আয়ুষ্মান ভৱ কাৰ্যসূচীৰ অংশগ্ৰহণ প্ৰদান বৰুৱাৰ - Pradan Baruah insepect health of senior citizens

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 8:13 PM IST

ধেমাজি,৩০ ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্তেম্বৰ পৰা ২ অক্টোবৰলৈকে ধেমাজি স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা আয়ুষ্মান ভৱ কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে ধেমাজি জিলাৰ মাছখোৱা স্বাস্থ্যখণ্ডৰ অধীনত বেঙেনাগঢ়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত কৰা হয় এখন স্বাস্থ্য মেলা ৷  

এই স্বাস্থ্য মেলাত অংশ গ্ৰহণ কৰি ভিতৰুৱা অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৷ উল্লেখ্য যে এই স্বাস্থ্য সজাগতা মেলাৰ জৰিয়তে আওঁহতীয়া অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলক বিশেষজ্ঞ চিকিৎসকৰ হতুৱাই স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে উন্নত চিকিৎসাৰ কৰাৰ সকলো পৰামৰ্শ গ্ৰহণ কৰি বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হব বুলি জানিবলৈ দিয়ে সাংসদগৰাকীয়ে ৷  

লগতে পঢ়ক:Keshab Mahanta: এইবাৰ লোকসভাত থাকিব অগপৰ সাংসদ; দাবী মন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details