Pabitra Margherita react on Manish Sisodia: তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছে চিছোদিয়া; পবিত্ৰ মাৰ্ঘেৰিটা - MP Pabitra Margherita react on
ৰঙিয়া, ২৭ ফেব্ৰুৱাৰী:দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক দিল্লী সুৰা কেলেংকাৰীৰ (Delhi liquor scam case) গোচৰত দেওবাৰে চিবিআয়ে গ্ৰেপ্তাৰ কৰে (Delhi Deputy Chief Minister Manish Sisodia)। উপ-মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ পাচতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাক কৈ আপে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই (MP Pabitra Margherita react on Manish Sisodia arrest) ।
ৰঙিয়াত সোমবাৰে ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দেশৰ স্বতন্ত্ৰ সংস্থাসমূহে ইচ্ছা কৰিলেই কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰে । তথ্য-প্ৰমাণৰ ওপৰত ভিত্তি কৰিহে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় । আইন মতেহে ব্যবৱস্থা লোৱা হয় । দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই সুৰা আৱণ্টনৰ ক্ষেত্ৰত আৰ্থিক খেলিমেলি কৰাৰ অভিযোগ উত্থাপিত হৈছে । সেই অভিযোগৰ ভিত্তিতেই মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছে । দোষী হ'লে দোষী হিচাপে আৰু যদি নিৰ্দোষী হয় তেন্তে নিৰ্দোষী হিচাপেই আদালতে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ কয় । এই ক্ষেত্ৰত চিঞৰ-বাখৰে ন্যায় ব্যৱস্থাত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য় কৰে ।
আনহাতে, এআইইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, "কংগ্ৰেছ আৰু এআইইউডিএফৰ সম্পৰ্ক স্বামী-স্ত্ৰীৰ দৰে । কেতিয়াবা মান-অভিমান, কেতিয়াবা পত্নী গুচি যায়, আকৌ আহে । তেওঁলোকৰ মিত্ৰতা আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব ।"
তেওঁ পুনৰ কয় যে, কংগ্ৰেছে কেতিয়াবা ব্ৰহ্মপুত্ৰ উপত্যকাত মিত্ৰতাৰ কথা ক’বলৈ টান পাই, যেনেকৈ প্ৰেমিক-প্ৰেমিকা ধৰাত পৰিলে প্ৰথমতে অস্বীকাৰ কৰে । ইপিনে, বিভিন্ন দলৰ সৈতে বিজেপিৰ মিত্ৰতা সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিজেপি সহযোগী সৰু-বৰ সকলো দলৰ প্ৰতি শ্ৰদ্ধাশীল ।
লগতে পঢ়ক:Morigaon buffalo fights : কলমৌবাৰীত গোনা ম’হৰ সমানে গুৱালৰ মাজতো লাগিল যুঁজ; তাকে দেখি হতভম্ব দৰ্শক