MP Gaurav Gogoi at Dergaon: খচৰা প্ৰস্তুত কৰোঁতে বিদ্যুৎ বিচ্ছিন্ন হৈছিল সেয়েহে সমষ্টিৰ নক্সাই সলনি কৰি পেলালে; গৌৰৱ গগৈ
যোৰহাট, 29 জুন: দেশৰ নিৰ্বাচন আয়োগে বিজেপিৰ মতে কাম কৰিছে ৷ বিজেপি আৰু এআইইউডিএফৰ মাজত প্ৰেম তুংগত আছে ৷ এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৷ দেৰগাঁও সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা দলীয় পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ৷
এই অনুষ্ঠানত অংশগ্ৰহণ কৰা পিছত সাংবাদিকৰে হোৱা মত-বিনিময়ত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাৰ লগতে অন্য কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ সাংসদ গৰাকীয়ে কয় যে, বিজেপিয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিছে ৷ দেশৰ নিৰ্বাচন আয়োগে বিজেপিৰ নিৰ্দেশত কাম কৰিছে বুলিও অভিযোগ কৰে সাংসদগৰাকীয়ে ৷
লগতে মধ্যপ্ৰদেশ ,ছত্তিশগড়ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে নেতাজনে ৷ আনহাতে নতুন খচৰা প্ৰকাশৰ পাছত সাংসদ গৌৰৱ গগৈয়ে কাজিৰঙা নে যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি সোধা এক প্ৰশ্নত তেওঁ কয় যে, যি সমষ্টিৰ পৰা দলে প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ কয় তাৰপৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব তেওঁ ৷
আনহাতে এআইইউডিএফ আৰু বিজেপিৰ মাজত প্ৰেম বৰ্তমান তুংগত চলি আছে, সেয়েহে কংগ্ৰেছে এআইইউডিএফৰ লগত মিত্ৰতা নকৰে বুলি কয় নেতাজনে ৷ এআইইউডিএফে বিজেপিক মাত্ৰ আই লাভ ইউ বুলি ক'বলৈহে বাকী আছে ৷ তেনেক্ষেত্ৰত মিত্ৰতা কৰি কংগ্ৰেছ মাজত নোসোমাই বুলি কয় সাংসদ গৰাকীয়ে ৷ লগতে গগৈয়ে পুনৰ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰোঁতে বিদ্যুৎ বিচ্ছিন্ন হৈছিল সেয়েহে সমষ্টিৰ নক্সাই সলনি কৰি পেলালে তেওঁলোকে ৷
লগতে পঢ়ক:Smriti to Rahul: ৰাহুল গান্ধীৰ দেশপ্ৰেমক লৈ প্ৰশ্ন স্মৃতি ইৰাণীৰ