অসম

assam

MP Gaurav Gogoi Birthday: গৌৰৱ গগৈৰ মংগল কামনা কৰি দক্ষিণপাট সত্ৰত শৰাই আগবঢ়ালে গৌৰৱ গগৈ ফ্রেণ্ড ক্লাৱে

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 6:16 PM IST

গৌৰৱ গগৈৰ মংগল কামনা কৰি দাক্ষিণপাট সত্ৰত শৰাই

মাজুলী, ৪ ছেপ্টেম্বৰ: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সুযোগ্য সন্তান তথা সাংসদ গৌৰৱ গগৈৰ আজি জন্মদিন । গৌৰৱ গগৈৰ মংগল কামনা কৰি গৌৰৱ গগৈ ফ্রেণ্ড ক্লাৱ মাজুলী জিলা সমিতিয়ে এই উপলক্ষ্যে মাজুলীৰ ঐতিহাসিক দক্ষিণ পাট সত্ৰত শৰাই আগবঢ়ায় । গৌৰৱ গগৈৰ জন্মদিনৰ লগত সংগতি ৰাখি মাজুলী গৌৰৱ গগৈ ফ্রেণ্ড ক্লাৱে এক বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ন কৰা হয় ।

গৌৰৱ গগৈ ফ্রেণ্ড ক্লাৱ মাজুলী জিলা সমিতিৰ ফালৰ পৰা গৌৰৱ গগৈয়ে আজিৰ তাৰিখত অসমৰ সমস্যাবোৰৰ বিষয়ে, অসমৰ জনসাধাৰণৰ সপক্ষে যেনেদৰে মাত মাতি আহিছে আগলৈকে তেনেদৰে মাত মাতি যাবলৈ নেদেখাজনে সহায় কৰক বুলি প্ৰাৰ্থনা কৰে । গৌৰৱ গগৈ ফ্রেণ্ড ক্লাৱ মাজুলী জিলা সমিতিৰ এই কাৰ্যসূচীত সাংসদগৰাকীৰ শতাধিক অনুৰাগীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:MP Rameswar Teli: ‘‘কংগ্ৰেছে ঢোল বজালেও এতিয়া অসমৰ ৰাইজে নানাচে’’; তেলীৰ দৃঢ় বিশ্বাস

ABOUT THE AUTHOR

...view details