অসম

assam

মণিপুৰ অশান্ত কৰাৰ আঁৰত আছে এক বৃহৎ শক্তি: দিলীপ শইকীয়া

ETV Bharat / videos

Dilip Saikia on Manipur Crisis: মণিপুৰত শীঘ্ৰেই শান্তিৰ পৰিৱেশ ঘূৰি আহিব: দিলীপ শইকীয়া - সাংসদ দিলীপ শইকীয়া

By

Published : May 8, 2023, 10:27 PM IST

ৰঙিয়া, 8 মে’:  অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি পূৰ্বতকৈ কিছু শান্ত হৈছে ৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ (Dilip Saikia on Manipur Crisis) ৷  

সাংসদগৰাকীয়ে মণিপুৰৰ শান্ত পৰিস্থিতি অশান্ত কৰাৰ আঁৰত এক বৃহৎ শক্তি আছে বুলি মন্তব্য কৰে ৷ ইতিমধ্যে সেই শক্তি সমূহ চিনাক্ত কৰা হৈছে ৷ মণিপুৰ চৰকাৰে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মণিপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলক সুৰক্ষিত স্থানত ৰখা বুলি জানিবলৈ দিয়ে সাংসদগৰাকীয়ে (MP Dilip Saikia Reacts on Manipur Crisis) ৷ 

ৰঙিয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি সন্দৰ্ভত আজি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ দিলীপ শইকীয়াই ৷ লগতে সমাজত অশান্তি বিয়পোৱা শক্তি সমূহক প্ৰতিহত কৰিবলৈ ৰাইজক আহ্বান জনায় সাংসদগৰাকীয়ে (Dilip Saikia national General secretary of BJP) ৷

লগতে পঢ়ক: Manipur crisis update: মণিপুৰৰ ঠায়ে ঠায়ে সান্ধ্য আইন শিথিল; সেনাৰ উদ্ধাৰ অভিযান অব্যাহত

ABOUT THE AUTHOR

...view details