Assam CM wife land scam: মানুহক বিপথে পৰিচালিত কৰাতো ভাল কথা নহয়; সাংসদ দিলীপ শইকীয়া - গৌৰৱ গগৈ
Published : Sep 17, 2023, 4:06 PM IST
ওদালগুৰি, 17 ছেপ্টেম্বৰ:কংগ্ৰেছ নেতা গৌৰৱ গগৈক উভতি ধৰিলে সাংসদ দিলীপ শইকীয়াই ৷ গৌৰৱ গগৈয়ে অভিযোগ উত্থাপন কৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ ১০ কোটি টকাৰ ৰাজসাহায্য বিতৰ্ক প্ৰসংগক ভিত্তিহীন আখ্যা দিয়ে দিলীপ শইকীয়াই ৷
দিলীপ শইকীয়াই কয় যে, একাউণ্টত টকা নোসোমোৱাকৈয়ে ৰাজসাহায্য কেনেকৈ লাভ কৰিব ৷ গৌৰৱ গগৈয়ে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰা বুলি মন্তব্য কৰে তেওঁ ৷ আনহাতে ৰাজনৈতিক পথাৰখনত নেতাৰ অভিযোগ, প্ৰতি অভিযোগ থাকিবই, কিন্তু ব্যক্তিগত আক্ৰমণ কৰিব নালাগে বুলিও উপদেশ দিয়ে সাংসদগৰাকীয়ে ৷
দেওবাৰে বিটিআৰ চৰকাৰে মুদৈবুড়ী সমষ্টিত কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাৰ নেতৃত্বত নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা তিনিটা পকী পথ ৰাইজৰ বাবে মুকলি কৰিবলৈ আহি সাংসদ দিলীপ শইকীয়াই গৌৰৱ গগৈক এনেদৰে প্ৰত্যুত্তৰ দিয়ে ৷ তদুপৰি সাংসদ দিলীপ শইকীয়াই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি কোৱাৰ লগতে লোকসভাতো দূৰৰে কথা বিটিচি নিৰ্বাচনতে বিপিএফ দলে মুখ থেকেচা খাই আহিছে বুলি দলটোক কটাক্ষ কৰে ৷