অসম

assam

সাংসদ অজিত কুমাৰ ভূঞা

By

Published : Feb 11, 2023, 5:22 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / videos

MP Ajit Kumar Bhuyan: কেন্দ্ৰীয় বাজেটৰ কথা বেছি, কাম কম হয়: অজিত কুমাৰ ভূঞা

নিউজ ডেস্ক, 11 ফেব্ৰুৱাৰী : ‘‘ কেন্দ্ৰীয় বাজেটত কথা বেছি থাকে, কাম কমকৈ হয় ৷’’- এই ভাষ্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ (MP Ajit Kumar Bhuyan)৷ শেহতীয়াকৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা 2023-24 বৰ্ষৰ বাজেটৰ (Union budget 2023) ওপৰত হোৱা বিতৰ্কত ভাগ লৈ শুকুৰবাৰে ৰাজ্যসভাত সাংসদ ভূঞাই আৰু কয় যে ২০১৪ চনত মোডী চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা প্ৰতিখন বাজেটতে নতুন নতুন কথা সংযোজন কৰি আহিছে ৷ এইবাৰ অমৃত কালৰ লগতে সংগতি ৰাখি সপ্তঋষি (Saptarishi budget) নামেৰে বাজেট দাখিল কৰা হৈছে ৷

সাংসদ ভূঞাই লগতে কয়- ‘‘ অৰ্থনীতিৰ বিষয়ে মোৰ সামান্য জ্ঞানেৰে এটা কথা মন কৰিছোঁ যে মোডী চৰকাৰৰ শেহতীয়াকৈ দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা নাই ৷ মই সদনৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে গৃহ নিৰ্মাণ, কৃষকৰ উপাৰ্জন দুগুণ কৰা, ৫ বছৰত আন্তঃগাঁথনিত ১০০ লাখ কোটি বিনিয়োগ আৰু ২০২৪ চনৰ ভিতৰত ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ প্ৰতিশ্ৰুতিসমূহৰ স্থিতি বৰ্তমান কি ?’’

২০২৩ৰ বাজেটত চিজিএছটি সংগ্ৰহৰ পৰিমান প্ৰত্যক্ষ কৰ্পোৰেট কৰতকৈ অধিক হোৱা বুলি উল্লেখ কৰি সাংসদ ভূঞাই কয় যে চৰকাৰে ধনী লোকসকলৰ তুলনাত সাধাৰণ লোকৰ ওপৰত অধিক কৰ আৰোপ কৰাতহে আগ্ৰহী ৷

নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ প্ৰসংগ বাজেটত স্পষ্টভাৱে প্ৰকাশ কৰা হোৱা নাই বুলিও মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই ৷ মুদ্ৰাস্ফীতিৰ বিষয়টো বাজেটত লুকুৱাই থোৱা হ’ল বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা বিষয় দুটা নিৰ্বাচনত জয়ী হোৱাৰ বাবেহে ব্যৱহাৰ কৰা হয় ৷

সাংসদগৰাকীয়ে লগতে কয় - ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ এজন লোক হিচাবে মই আন্তৰিকতাৰে বাজেট ভাষণ শুনি আছিলোঁ ৷ কিন্তু দুখৰ বিষয় যে বাজেটত উত্তৰ-পূৰ্বাঞ্চলক কোনো বিশেষ স্থান দিয়া নহ’ল ৷ ভাৰত চৰকাৰ তথা প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ কল্যাণক অগ্ৰাধিকাৰ দিয়াৰ কথা কৈ অহাৰ পাচতো কিয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলক আঁতৰাই ৰখা হ’ল ?’’ (Ajit Bhuyan speech over North East)

অসমৰ প্ৰসংগত সাংসদ ভূঞাই কয় যে অসমত ডাঙৰ  উদ্যোগৰ অভাৱ ৷ ডাঙৰ উদ্যোগ স্থাপন হ’লে নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাট মুকলি হয় ৷ কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে অসমত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাৰ লগতে দুটাকৈ কাগজ কল বন্ধ কৰিলে ৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি চৰকাৰৰ দৃষ্টি ইয়াতেই স্পষ্ট হয় বুলি মন্তব্য কৰে অজিত কুমাৰ ভূঞাই ৷

আনহাতে গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানীৰ অভাৱৰ প্ৰসংগটোও ভাষণত উল্লেখ কৰে সাংসদ অজিত কুমাৰ ভূঞাই ৷ ভূঞাই কয় যে এই যুগতো খোৱাপানীৰ অভাৱ হোৱাটো অতি লাজৰ বিষয় ৷ দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ সন্দৰ্ভতো তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰে সাংসদ ভূঞাই (Water Supply project in Guwahati)৷ তেওঁ কয় যে উক্ত প্ৰকল্পটোত প্ৰায় ৪০০ কোটি ধন ব্যয় কৰা হৈছিল কিন্তু প্ৰকল্পটোৰ জৰিয়তে খোৱাপানী লাভৰ পৰা মহানগৰবাসী এতিয়াও বঞ্চিত হৈ আছে ৷

ইয়াৰোপৰি ৰাজ্যৰ শক্তিখণ্ডৰ দুৰৱস্থাৰ কথাও ভাষণত উল্লেখ কৰে সাংসদ ভূঞাই ৷ তেওঁ কয় যে ৰাজ্যখনত প্ৰায় 3000 মেগাৱাট শক্তিৰ প্ৰয়োজন যদিও 300 মেগাৱাটতকৈও কম শক্তি উৎপাদন কৰি আহিছে ৰাজ্যখনে ৷

লগতে পঢ়ক:Journalist Prakash Dubey: সত্য থকালৈকে সাংবাদিকতাৰ মান কেতিয়াও তললৈ যাব নোৱাৰে: প্ৰকাশ ডুবে

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details