অসম

assam

উমাকান্ত বৈৰাগীৰ মৃত্যু

ETV Bharat / videos

Umakanta Bairagi passes away: উমাকান্ত বৈৰাগীৰ খোৱাঙৰ বাসগৃহতো শোকৰ ছাঁ

By

Published : Jul 26, 2023, 8:24 PM IST

মৰাণ, ২৬ জুলাই:হাতত টোকাৰীখন লৈ ওৰেটো জীৱন লোক গীতৰ সাধনা কৰি ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা উমাকান্ত বৈৰাগীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । টোকাৰী গীতৰ সম্ৰাট, লোক সংস্কৃতিৰ সাধক, সংগীত নাটক অকাডেমি বঁটা প্ৰাপক উমাকান্ত বৈৰাগীৰ মৃত্যুত খোৱাঙৰ জন্মগৃহটো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ডিব্ৰুগড় জিলাৰ খোৱাং সৰগফলা দিখাৰী কিনাৰ চাউলখোৱা গাঁৱত থকা উমাকান্ত বৈৰাগীৰ জন্মগৃহত পৰিয়ালৰ লোকে শিল্পীগৰাকীয়ে গাঁৱত কটোৱা সময়ৰ অতীত সুঁৱৰি দুখত ভাগি পৰে ।  

ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত টোকাৰী গীত পৰিৱেশন কৰি জনপ্ৰিয় হৈ পৰা উমাকান্ত বৈৰাগীয়ে ল'ৰালি বয়সৰ পৰাই টোকাৰী গীতৰ সৈতে জড়িত আছিল । প্ৰথম অৱস্থাত খোৱাং অঞ্চলৰ বিভিন্ন অনুষ্ঠানত টোকাৰী গীত পৰিৱেশন কৰিছিল যদিও পিছলৈ অসমৰ বিভিন্ন স্থানত টোকাৰী গীত পৰিৱেশ কৰি ৰাইজৰ মাজত পৰিচিত ব্যক্তি হৈ পৰিছিল ।

৫ জন ককাই-ভাই আৰু দুগৰাকী ভনীয়েক থকা পৰিয়ালটোৰ ভিতৰত উমাকান্ত বৈৰাগী ডাঙৰ আছিল । ঘৰৰ আৰ্থিক অৱস্থাও সেই সময়ত ভাল নাছিল । কিন্তু পৰৱৰ্তী সময়ত পুত্ৰৰ কৰ্মসূত্ৰে গুৱাহাটীত থাকি লোক সংস্কৃতিৰ সাধনা কৰি গৈছিল উমাকান্ত বৈৰাগীয়ে ।

লগতে পঢ়ক:Umakanta Bairagi passes away:ৰাজ্যিক মৰ্যাদাৰে উমাকান্ত বৈৰাগীৰ শেষকৃত্য সম্পন্ন

For All Latest Updates

ABOUT THE AUTHOR

...view details