অসম

assam

কামপুৰ চাংচকী শংকৰদেৱ শিশু নিকেতন

ETV Bharat / videos

Mothers Day: কামপুৰৰ চাংচকী শংকৰদেৱ শিশু নিকেতনত মাতৃ পূজন - Mothers Day 2023

By

Published : May 14, 2023, 2:24 PM IST

বঢ়মপুৰ, ১৪ মে':আজি মাতৃ দিৱস (Mothers Day 2023) ৷ মাতৃ দেৱ ভৱঃ এই আপ্ত বাক্য শাৰীকে সৰোগত কৰি দেওবাৰে কামপুৰৰ চাংচকী শংকৰদেৱ শিশু নিকেতনত উদযাপন কৰা হয় মাতৃ পূজন অনুষ্ঠান (Mothers Day celebrated in Kampur) ৷ বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ চাংচকী শংকৰদেৱ শিশু নিকেতনত মাতৃ দিৱস উপলক্ষে অনুষ্ঠিত হয় এই মাতৃ পূজা আৰু মাতৃ বন্দনা অনুষ্ঠান ।

দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে শংকৰদেৱ শিশু নিকেতনত মাতৃ পূজা আৰু মাতৃ বন্দনা অনুষ্ঠানত  বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় (Changchaki Shankardev Shishu Niketan)। মাতৃসকলক সন্মান জনাই অনাগত দিনত মাতৃক অৱহেলা নকৰে তাৰ বাবেই এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।

পুৱাৰে পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত প্ৰথমেই হাতত চাকি ধূপ লৈ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ মাতৃৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে । আনহাতে, নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে থলুৱা লোকবাদ্যৰে অনুষ্ঠান পৰিৱেশন কৰে । প্ৰধান আচাৰ্য সঞ্জীৱ হাজৰিকাই আঁতধৰা অনুষ্ঠানটোত নিকেতনখনৰ সমূহ ছাত্ৰ-ছাত্ৰী , আচাৰ্য-আচাৰ্যা, অভিভাৱকৰ লগতে পৰিচালনা সমিতি সদস্য-সদস্যা সকল উপস্থিত থাকে ।

লগতে পঢ়ক:Aminul Hoque Laskar on Karim Uddin Borbhuyan : কৰিম উদ্দিন বৰভূঞাক জালিয়াতিৰ নেতা আখ্যা আমিনুল হক লস্কৰৰ

ABOUT THE AUTHOR

...view details