অসম

assam

মাঞ্জাত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি

ETV Bharat / videos

মাঞ্জাত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি, দুই সন্তানৰ মাতৃৰ আত্মহত্যা

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 7:51 PM IST

ডিফু, ২৮ নৱেম্বৰ :মাঞ্জাত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতিৰ ফলত দুই সন্তানৰ মাতৃয়ে চীপ লৈ নিজ ঘৰতে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি মাঞ্জা থানা এলেকাৰ ৯ মাইলৰ চাউথ পইণ্ট স্কুলৰ সমীপৰ বিশ্বজিৎ দাসৰ পত্নী মিৰমিলী ইংতিপীয়ে যোৱানিশা নিজ ঘৰতে চিলিং ফেনত চীপ লৈ আত্মহত্যা কৰে৷

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে দুই সন্তানৰ মাতৃ মিৰমিলী ইংতিপি (৩৫) ৰ দীৰ্ঘদিনৰ পৰা মাঞ্জা ষ্টেট বেংকৰ প্ৰাক্তন কৰ্মচাৰী ৰাজদীপ বাল্মিকীৰ সৈতে পৰকীয়া প্ৰেম চলি আছিল ৷ যোৱা নিশাও ফোনযোগে দুয়োৰে কথোপকথন হৈছিল ৷ তাৰ পাচত মহিলাগৰাকীয়ে নিশাৰ ভাগত নিজ ঘৰত চীপ লৈ আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে৷

ঘটনা সন্দৰ্ভত স্থানীয় লোকে মাঞ্জা থানাত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী তোলাৰ লগতে শাস্তিৰ দাবী জনায়৷ মাঞ্জা আৰক্ষীয়ে মিৰমিলী ইংতিপীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি ৰাজদীপ বাল্মিকীক আটক কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :বিষাক্ত দ্ৰব্য সেৱন কৰি চাৰি বান্ধৱীৰ আত্মহননৰ চেষ্টা, এগৰাকীৰ মৃত্যু

ABOUT THE AUTHOR

...view details