অসম

assam

মৰিগাঁও জিলা কাৰ্যালয়ৰ পৰিৱেশ

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 1:00 PM IST

ETV Bharat / videos

দলৰ সাফল্যত মৰিগাঁও বিজেপি কৰ্মীৰ মাজত আনন্দ-উল্লাস

মৰিগাঁও, 4 ডিচেম্বৰ: সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত চাৰিখন ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীৰ চমকপ্ৰদ প্ৰদৰ্শনত উৎফুল্লিত হৈ পৰিছে ৰাজ্যিক বিজেপি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মৰিগাঁও জিলা বিজেপি কাৰ্যকৰ্তাৰ মাজতো পৰিলক্ষিত হৈছে সীমাহীন উৎসাহ-আনন্দ ৷ 

কৰ্ম-কৰ্তাসকলৰ লগতে মৰিগাঁও জিলা কাৰ্যালয়ত বিজয় উৎসৱ উদযাপন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে । হিন্দী বলয়ৰ তিনিখনকৈ ৰাজ্যত বিজয় সাব্যস্ত কৰা সন্দৰ্ভত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, "দেশৰ 140 কোটি জনতাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷ এয়া দেশৰ জয়, ৰাষ্ট্ৰৰ জয় । একেদৰে অসমতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি আগন্তুক দিনত বিজয় সাব্যস্ত কৰিম।"

দেওবাৰে কৰ্ম-কৰ্তাসকলে বিজেপিৰ এই সফলতা ফটকা ফুটাই, নাচি-বাগি উদযাপন কৰে ৷

লগতে পঢ়ক:তিনি ৰাজ্যত চৰকাৰ গঠনৰ দিশে বিজেপি; গুৱাহাটীত হৰ্ষোল্লাস দলীয় কৰ্মীৰ

ABOUT THE AUTHOR

...view details