Food poisoning:খাদ্যত বিষক্ৰিয়া হৈ দুদিনত শিশু মহিলাসহ শতাধিক লোক অসুস্থ - people admitted to hospital due to food poisoning
Published : Sep 22, 2023, 6:10 PM IST
নলবাৰী, ২২ ছেপ্টেম্বৰ :খাদ্যবস্তুত বিষক্ৰিয়া হৈ দুটা দিনত শতাধিক লোক অসুস্থ নলবাৰী জিলাত ৷ সৰহ সংখ্যক লোকক মুকালমুৱা মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অৰ্ধশতাধিক লোকক গাঁৱতেই শিবিৰ পাতি চিকিৎসা প্ৰদান কৰি থকা হৈছে ।
দৰাচলতে নলবাৰীৰ ২ নং জয়সাগৰত খাদ্যবস্তুত বিষক্ৰিয়া হৈ শতাধিক লোক অসুস্থ হৈ পৰিছে । কালিৰে পৰা শুকুৰবাৰে দুপৰীয়াৰ ভাগলৈ অসুস্থ লোকৰ সংখ্যা ১০৬ গৰাকীলৈ বৃদ্ধি হৈছে । ইয়াৰে প্ৰায় 40 গৰাকী লোক কালিৰে পৰা এতিয়াও চিকিৎসাধীন হৈছে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ।
অসুস্থ আটাইবোৰ লোকেই জ্বৰ, বমি, শৌচ আদিত আক্ৰান্ত হৈছে । জানিব পৰা মতে, বিগত বুধবাৰে ২ নং জয়সাগৰৰ আবুল আলী নামৰ লোকজনৰ ঘৰৰ এক অনুষ্ঠানত এইসকল লোকে বুটমাহ খাইছিল । অনুষ্ঠানটোত বুটমাহ খোৱা প্ৰায় আটাইবোৰ লোকেই অসুস্থ হৈ পৰে । চিকিৎসকে বুটমাহৰ পৰা বিষক্ৰিয়া হৈ লোকসকল অসুস্থ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । অসুস্থ হোৱা লোকসকলৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে যিসকল লোক কম পৰিমাণে অসুস্থ হৈছে তেওঁলোকক জয়সাগৰ উপ-স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে মুকালমুৱা মহকুমা স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাসে ।
লগতে পঢ়ক :Food Poison: বুটমাহ খাই বিষক্ৰিয়া হৈ ৩৮ গৰাকী অসুস্থ