Cheating with workers: ঠিকাদাৰ ইমানে হাৰিয়ানালৈ নি উপায়হীন কৰিলে অসমৰ অৰ্ধ শতাধিক শ্ৰমিকক
ধুবুৰী, 30 জুন: বহিঃৰাজ্যত আৱদ্ধ হৈ আছে নামনি অসমৰ কেইবাটাও শ্ৰমিক পৰিয়াল । ভয়-শংকাৰ মাজেৰে অনাহৰে দিন-ৰাতি পাৰ কৰিছে শ্ৰমিক পৰিয়াল কেইটা । হাৰিয়ানাত আৱদ্ধ এই সকল শ্ৰমিকসকলে উদ্ধাৰৰ বাবে বাবে আহ্বান জনাইছে অসম চৰকাৰক ।
বহিঃৰাজ্য হাৰিয়ানাৰ গুৰগাঁও অঞ্চলত অসহায় হৈ চকুলো টুকিছে নামনি অসমৰ ধুবুৰী, বৰপেটাকে ধৰি কেইবাখনো জিলাৰ ৬০/৭০ জন শ্ৰমিকে । বৰপেটা জিলাৰ ইমান হুছেইন নামৰ এজন ঠিকাদাৰে এই সকল শ্ৰমিকক লৈ গৈ হাৰিয়ানাৰ গুৰগাঁও জিলাত বিভিন্ন কামত নিয়োজিত কৰাইছিল । ধুবুৰী, বৰপেটা, গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও জিলাকে ধৰি নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা এই সকল শ্ৰমিকৰ মজুৰিৰ পইচা উঠাই লৈ ঈদৰ আগে আগে পলায়ন কৰে ঠিকাদাৰ ইমান হুছেইনে ।
বৰ্তমান শ্ৰমিকসকলে অনাহাৰে অনিদ্ৰায় সময় কটাবলগীয়া হৈছে হাৰিয়ানাত । নিজৰ ঘৰলৈ আহিবলৈ এওঁলোকৰ হাতত নাই টকা-পাইচা । আনহাতে, ঘৰ ভাড়া আদায় দিব নোৱাৰাত ৰূমৰ পৰা উলিয়াই দিছে ঘৰৰ মালিকে । এতিয়া ৰূমৰ বাহিৰত আশ্ৰহীন শ্ৰমিকসকলে কান্দি কান্দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে উদ্ধাৰৰ বাবে । লগতে ঠিকাদাৰ ইমান হুছেইনক আটক কৰাৰ দাবী জনাইছে ।
লগতে পঢ়ক:Nagaon firing incident: নগাঁৱৰ চলচলি গুলীচালনা ঘটনাৰ নতুন মোৰ
বহিঃৰাজ্যত শ্ৰমিকে কান্দিছে আৰু ঠিকাদাৰ ইমান হুছেইন বৰ্তমান বৰপেটা জিলাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত বিলাসীপাৰাৰ নিজা ঘৰত টোপনিত লাল-কাল । এতিয়া ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত কেনে ভূমিকা পালন কৰে সেয়া লক্ষণীয় হ’ব ।