Dead Body at Samaguri : কলং নদীত উটি আহিল আঠৰো অধিক মৃতদেহ - কলং নদী
চামগুৰি, 7 ফেব্ৰুৱাৰী : এক চাঞ্চল্যকৰ ঘটনাই জোঁকাৰি গৈছে নগাঁৱৰ চামগুৰিক ৷ হাহাকাৰ লাগিছে চামগুৰিৰ ৰাইজৰ মাজত ৷ নদীত উটি আহিল আঠটাৰো অধিক মৃতদেহ ৷ উঁৱলি যোৱা মৃতদেহৰ পৰা ওলোৱা ভেকেটা-ভেকেট গোন্ধত নাক বন্ধ কৰি চলাচল কৰিবলগীয়া হৈছে বাটৰুৱাই ৷ ইফালে মৃতদেহৰ উৎসও এই পৰ্যন্ত লাভ কৰা হোৱা নাই ৷
হত্যাৰ বলি হৈ নে ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰি এইদৰে মৃতদেহকেইটা উটি আহিল তাক লৈও উত্থাপিত হৈছে প্ৰশ্নৰ ৷ একাংশ লোকৰ সন্দেহ অনুসৰি কোনো দুষ্টচক্ৰই জীৱিত অৱস্থাত চোৰাংকৈ সৰৱৰাহ কৰাত ব্যৰ্থ হৈ উটুৱাই দিয়া দিলে নদীত ৷
আন একাংশৰ মতে ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লোৱাৰ পাছত উটুৱাই দিয়া হ’ল কলং নদীত ৷ কাৰণ যিয়েই নহওক, নদীৰ পানী প্ৰদূষিত কৰি এইদৰে মৃতদেহসমূহ উটুৱাই দিয়া কাৰ্যক তীব্ৰ নিন্দা কৰিছে সকলোৱে ৷ ইয়াৰোপৰি বায়ু প্ৰদূষিত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বাটৰুৱা ৷
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চামগুৰিৰ বৰালিগাঁৱত ৷ আঠটাৰো অদিক গৰুৰ মৃতদেহ উটি আহিল কলং নদীৰে (Cattle floating in Kolong River at Samaguri)৷ কি কাৰণত ক'ৰ পৰা মৃত গৰুকেইটা উটি আহিল তাক লৈ অনুসন্ধিৎসু হৈ পৰিছে স্থানীয় ৰাইজ ৷ গৰুৰ চোৰাং সৰবৰাহ কৰা অৱস্থাত ধৰা পৰাৰ ভয়ত গৰুকেইটা হত্যা কৰি নদীত উটুৱাই দিয়া বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে (Cattle smuggling in Assam)৷
আনহাতে কলং নদীৰ পানী প্ৰদূষিত হোৱাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ যিহেতু কলং নদীৰ (Kolong River at Samaguri) পানী বিভিন্ন সৎকৰ্মত ব্যৱহাৰ কৰাৰ লগতে নদীত মাছ ধৰাও হয় ৷ সেয়ে জীৱশ্ৰেষ্ঠৰ এই নিকৃষ্ট কাণ্ডক একেমুখে গৰিহনা দিছে সকলোৱে ৷
লগতে পঢ়ক:Dog Reunited With Puppy : মাতৃ-সন্তানৰ পুনৰ মিলনত আৱেগিক দুটা পৰিয়াল