Flood in Assam: জনীয়াত কৃত্ৰিম বানৰ কৱলত প্ৰায় 150 ৰো অধিক পৰিয়াল - artificial flood effect in assam
জনীয়া, 14 আগষ্ট: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত চৌধুৰী বজাৰত প্ৰায় 50 ৰো অধিক পৰিয়াল হৈ পৰিছে জলবন্দী । বানপানীত ককবকাইছে চৌধুৰী বজাৰবাসীয়ে । উল্লেখযোগ্য যে, বছৰটোৰ দ্বিতীয়টো বানত চৌধুৰী বজাৰৰ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । প্ৰত্যেক ঘৰে ঘৰে পানী সোমোৱাত ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই, ফলত ল’ৰা-ছোৱালী লৈ ঘৰতেই আৱদ্ধ হৈ থাকিবলগীয়া হৈছে 50 ৰো অধিক পৰিয়াল । এই ক্ষেত্ৰত জনপ্ৰতিনিধিৰ লগতে বৰপেটা জিলা প্ৰশাসনৰ লোকে দুৰ্ভগীয়া পৰিয়ালকেইটাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভৰ সৃষ্টি হৈছে ভুক্তভোগীৰ মাজত ।
আনফালে, কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত একে গাঁৱতে প্ৰায় 100 টা পৰিয়াল কৃত্ৰিম বানপানীত আৱদ্ধ হৈছে । ফলত ঘৰৰ চোতালত একাঁঠু পানী জমা হোৱাত ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰাত নৰক যন্ত্ৰণাত ভুগিবলগীয়া হৈছে ভুক্তভোগী ৰাইজে । ইফালে সৰু সৰু ল'ৰা ছোৱালীক লৈ পানীৰ মাজত দিন অতিবাহিত কৰিব লগীয়া হৈছে পৰিয়ালসমূহে ।
এই কৃত্ৰিম বানপানীৰ ফলত খাদ্য সংকটত ভুগিছে ৰাইজৰ লগতে পশুধন । যাৰ বাবে ভুক্তভোগী পৰিয়ালসমূহে জনপ্ৰতিনিধি, চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ইয়াৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে খাদ্য সামগ্ৰীৰ যোগান ধৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক: 77th Independence Day: 77 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্ব সন্ধিয়া দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে