অসম

assam

বুট মাহ খাই অসুস্থ

ETV Bharat / videos

Food poisoning: বাক্সাত বুট-মাহ খাই অসুস্থ ১২ জনতকৈ অধিক লোক - বেঞ্চিমাৰী গাঁও

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 6:10 PM IST

বাক্সা, 11 ছেপ্টেম্বৰ : বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বাগানপাৰা বেঞ্চিমাৰী গাঁৱত ১২ জনতকৈ অধিক লোক বুটমাহ খোৱাৰ পিচত অসুস্থ হৈ সম্প্ৰতি চিকিৎসাধীন হ’ব লগা হৈছে বুলি খবৰ আহিছে । অসুস্থ লোকৰ মাজত শিশু আৰু মহিলাও আছে বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে বেঞ্চিমাৰী গাঁৱখনৰ বুদ্ধি বড়ো নামৰ লোকজনে নাতিয়েকৰ জন্মদিন উপলক্ষে বুট-মাহৰ থগী আগবঢ়াইছিল আৰু নিমন্ত্ৰিত অতিথিসকলক সেই প্ৰসাদ খাবলৈ দিছিল ৷ উক্ত অনুষ্ঠানটোত গাঁৱৰ লোকসকলে বুট-মাহ খোৱাৰ তিনিদিন পিছৰে পৰা শৌচ বমি কৰিবলৈ ধৰে ৷ এনেদৰে এজন এজনকৈ কেইবাজনো লোক অসুস্থ হৈ পৰে ৷ বাতৰি যুগুত কৰা মুহূৰ্তলৈকে ১২ জন পুৰুষ মহিলাক মুছলপুৰত থকা ৰবি বড়ো ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি চিকিৎধীন অৱস্থাত থকা ৰোগীসকলৰ বুট-মাহৰ বিষক্ৰিয়া হোৱাৰ ফলতে তেওঁলোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Food poisoning in Bordumsa:বৰডুমচা অঞ্চলত নামঘৰৰ প্ৰসাদত বিষক্ৰিয়া হৈ অসুস্থ শতাধিক

ABOUT THE AUTHOR

...view details