অসম

assam

সৰ্বভাৰতীয় NEET পৰীক্ষাত সাফল্য মণ্টু শইকীয়াৰ

By

Published : Jun 15, 2023, 8:55 PM IST

ETV Bharat / videos

NEET exam results 2023: সৰ্বভাৰতীয় NEET পৰীক্ষাত সাফল্য মণ্টু শইকীয়াৰ

তিনিচুকীয়া,১৫ জুন:সফলতাৰ ক্ষেত্ৰত দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে এই কথাকেই পুনৰবাৰ প্ৰমাণ কৰিলে তিনিচুকীয়া জিলাৰ ফিল'বাৰী বৰগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰই । সৰ্বভাৰতীয় NEET পৰীক্ষাত সফলতাৰে উজলিল ফিল'বাৰী বৰগাঁৱৰ পিতৃহাৰা মণ্টু শইকীয়া ।  

ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০২০ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মণ্টু শইকীয়াই ৯০.৩৩ শতাংশ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈছিল । ডিগবৈস্থিত আৰ. ডি. চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান বিভাগত সফলতাৰে উত্তীৰ্ণ হৈ NEET পৰীক্ষাৰ বাবে অনলাইনযোগে প্ৰস্তুতি আগবঢ়াইছিল ।  

সেই সময়তেই মেধাবী ছাত্ৰ মণ্টু শইকীয়াই হেৰুৱাইছিল পিতৃক । এক জটিল ৰোগত আক্ৰান্ত হৈ চলিত বৰ্ষৰ এপ্ৰিল মাহত মণ্টুৰ পিতৃ পবিত্ৰ শইকীয়াৰ মৃত্যু হয় । মাতৃ জুনু শইকীয়াৰ সাহস আৰু সহযোগৰ ফলত ছাত্ৰগৰাকীয়ে সদ্য ঘোষিত সৰ্বভাৰতীয় NEET পৰীক্ষাত সফলতাৰে উজলি পৰিয়ালৰ লগতে সমগ্ৰ ফিল'বাৰী অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । 

লগতে পঢ়ক:Kushal Konwar: গুৱাহাটীত জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ কুশল কোঁৱৰক স্মৰণ

ABOUT THE AUTHOR

...view details