অসম

assam

ভাগিনীয়েকক মৰিয়াই মৰিয়াই হত্যা

ETV Bharat / videos

Man kills his nephew in Morigaon:দুবটল চুলাইৰ বাবে ভাগিনীয়েকক মৰিয়াই মৰিয়াই হত্যা

By

Published : Aug 17, 2023, 6:04 PM IST

মৰিগাঁও, 17 আগষ্ট :মৰিগাঁও আৰক্ষীৰ জালত এটা হত্যাকাৰী । ধৃত হত্যাকাৰীটোৰ নাম হেমচন্দ্ৰ নাথ । অসমীয়া লোক সমাজৰ পৌৰাণিক কালৰে পৰা অতি মধুৰ মামা-ভাগিনৰ সম্বন্ধত কালিমা সানিলে মৰিগাঁৱৰ সোণাৰি গাঁৱৰ হেমচন্দ্ৰ নাথ নামৰ কুলাংগাৰ মোমায়েকে । ঘটনাৰ বিৱৰণী অনুসৰি যোৱা নিশা মৰিগাঁও জিলাৰ সোণাৰি গাঁৱৰ প্ৰাক্তন সৈনিক হেমচন্দ্ৰই দুবটল চুলাইৰ বাবে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ ভাগিনীয়েকক ।

ইফালে ঘটনাৰ সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই হত্যাকাৰী মোমায়েক হেমচন্দ্ৰ নাথক কৰায়ত্ত কৰে । শুকুৰবাৰে নিশা নিজ ভাগিনীয়েক ৩৫ বছৰীয়া শ্যামল বৰাক হত্যা কৰিছিল হেমচন্দ্ৰই । ধৃত হেমচন্দ্ৰ নাথ এজন প্ৰাক্তন সেনা জোৱান । জানিব পৰা মতে ভাগিন শ্যামল বঢ়মপুৰৰ পৰা মামাক হেমচন্দ্ৰ নাথৰ গাঁৱৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ।

লগতে পঢ়ক :Constituency delimitation final list: মৰিগাঁৱতো সমষ্টি সংৰক্ষণ নকৰাত আন্দোলন ঘোষণা সদৌ তিৱা ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details