Seminar at Moirabari college: মৈৰাবাৰী মহাবিদ্যালয়ত চুটিগল্পৰ সৃষ্টিতত্ত্ব আৰু ত্ৰমবিকাশ শীৰ্ষক আলোচনা চক্ৰ - Seminar at Moirabari college
মৈৰাবাৰী, 21 মাৰ্চ :মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত "চুটিগল্পৰ সৃষ্টিতত্ত্ব আৰু ত্ৰমবিকাশ" শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ৷ মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সহযোগত মহাবিদ্যালয়ৰ ছেমিনাৰ হলত সোমবাৰে দুপৰীয়া ১২ বজাত "চুটিগল্পৰ সৃষ্টিতত্ত্ব আৰু ত্ৰমবিকাশ" শীৰ্ষক এখনি মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় (Seminar at Moirabari college) ।
বিভাগীয় প্ৰধান ড৹ অংশুমান দাসৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে নগাঁওস্থিত এ.ডি.পি. কলেজৰ সহঃ অধ্যাপক ড৹ মিলন নেওগে চুটিগল্প সৃষ্টিৰ আৰম্ভণিৰে পৰা বিশ্ব সাহিত্যৰ প্ৰেক্ষাপটত চুটিগল্পৰ ক্ৰমবিকাশৰ এক বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায় । এই প্ৰসংগত আলোচক গৰাকীয়ে চুটিগল্প লিখাৰ কৌশল সম্পৰ্কেও উপস্থিত ছাত্ৰ-ছাত্ৰীক অৱগত কৰে (Seminar on Assamese literature) ।
সভাৰ আৰম্ভণিতে আলোচনা চক্ৰ উদ্বোধন কৰে অধ্যক্ষ ড৹ ৰিয়াজুল হকে । মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক দলিল উদ্দিন আহমেদে আঁত ধৰা এই আলোচনা চক্ৰত উপস্থিত থাকি অঞ্চলটোৰ বৰ্ষীয়ান শিক্ষাবিদ, লেখক হানিফ উদ্দিন আহমেদে ছাত্ৰ-ছাত্ৰীক প্ৰেৰণামূলক বক্তব্য আগবঢ়ায় । আলোচনা চক্ৰৰ অন্তত অসমীয়া বিভাগৰ হৈ সদৌটিলৈ শলাগৰ শৰাই আগবঢ়ায় মহম্মদ আফজালে ।