Mock drill in Barpeta: বৰপেটাত বানৰ মোকাবিলা কৰাৰ মকড্ৰিল - NDRF Mockdrill in Barpeta
Published : Sep 2, 2023, 6:19 PM IST
বৰপেটা,২ ছেপ্টেম্বৰ:বৰপেটা হ'ল এখন বানপ্ৰবণ জিলা । প্ৰতিবছৰে জিলাখনক বানে জুৰুলা কৰি আহিছে । বানৰ সময়ত কিদৰে বানাক্ৰান্তক উদ্ধাৰ অভিযান চলাব পাৰি, বানাক্ৰান্তই কেনেকৈ উদ্ধাৰকাৰী দল গৈ নোপোৱা পৰ্যন্ত নাই নিজক ৰক্ষা কৰিব পাৰে, নিজৰ লগতে আন দহজনকো কিদৰে উদ্ধাৰত সহায় কৰিব পাৰে সেই সন্দৰ্ভত বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত স্থানীয় আইন মহাবিদ্যালয়ত এন ডি আৰ এফৰ সহযোগত এক মক ড্ৰিল অনুষ্ঠিত কৰা হয় ।
এই সন্দৰ্ভত বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ড৹ নন্দিতা দত্তই কয় যে বৰপেটা জিলাত প্ৰতি বছৰে হোৱা বানত এন ডি আৰ এফ প্ৰথম বেটেলিয়ানে উদ্ধাৰ কাৰ্য চলাই আহিছে । সেয়েহে শনিবাৰে এই বাহিনীটোৱে এনেধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰে । এই প্ৰশিক্ষণৰ জৰিয়তে উদ্ধাৰকাৰী দলৰ নাও কোনো কাৰণত গৈ নাপালেও ঘৰুৱা আৰু পেলনীয়া বটল, থাৰ্মোকল আদিৰ সহায়ত কিদৰে বানৰ কবলৰ পৰা উদ্ধাৰ পাব পাৰি প্ৰধানকৈ সেই সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় ।
লগতে পঢ়ক:Bajali Corruption Case: বজালীৰ ধনদাবী কাণ্ডৰ ৫ অভিযুক্ত আৰক্ষীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ