Mock drill performed by Fire Brigade:‘জুই লাগিছে জুই’ বৰহোলাৰ এখন বিদ্যালয় জুইয়ে আৱৰি ধৰিছে ! - জুই লাগিছে
Published : Sep 1, 2023, 5:42 PM IST
তিতাবৰ, 1 ছেপ্টেম্বৰ : জুই লাগিছে ৷ জুই বৰহোলাৰ এখন বিদ্যালয়ত জুই লাগিছে । এই জুই চাবলৈ ভিৰ কৰিছেহি সীমান্তৱৰ্তী জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলৰ লগতে অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীসকলে । অগ্নি নিৰ্বাপক বাহিনীয়ে খুব তৎপৰতাৰে জুই নুমুৱাবলৈ চেষ্টা কৰিছে ৷ উপস্থিত সকলোৱে জুই নুমুওৱাৰ দৃশ্য মনযোগেৰে লক্ষ্য কৰিছে ৷
দৰাচলতে জনসাধাৰণৰ মাজত অগ্নিকাণ্ড সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই বিদ্যালয়ত আজি বৰহোলাস্থিত অগ্নি নিৰ্বাপক বাহিনীয়ে এনেদৰে এক কাৰ্যসূচী হাতত লয় ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জুই নিৰ্বাপন আৰু সাৱধানতা অৱলম্বনৰ কৌশল প্ৰদৰ্শন কৰিছে । জুই কেনেধৰণে নিৰ্বাপন কৰিব লাগে, জুই লাগিলে কি কৰিব, সেই সময়ত ল’ব লগা সাৱধানতাৰ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লোৱা হয় । অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াসকলে জুই নিৰ্বাপন কৰিবলৈ যাওঁতে বিভিন্ন অসুবিধাৰ সন্মুখীন হয় । এই বিষয়েও সকলোকে সজাগ কৰে বৰহোলা জুই নিৰ্বাপক বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক :Titabor Fire incident : তিতাবৰত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল 5 খন দোকান; লক্ষাধিক টকাৰ ক্ষতি