Mob lynching case : হায় মানৱতা! একাংশ উদণ্ডৰ হাতত প্ৰাণ গ’ল এজন মানসিক বাধাগ্ৰস্ত লোকৰ - ধেমাজি সদৰ আৰক্ষী থানা
Published : Sep 1, 2023, 8:10 PM IST
ধেমাজি, 1 ছেপ্টেম্বৰ : জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড ৷ ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ১৪ কিঃমিঃ দূৰত্বৰ পশ্চিম সুবাহীত নৃশংস ঘটনা সংঘটিত হৈছে ৷ অভিযোগ অনুসৰি গাঁওখনৰ মানসিকভাৱে বাধাগ্ৰস্ত খগেন গগৈ নামৰ লোকজনক বৃহস্পতিবাৰে গাঁওখনৰে এখন দোকানত উদ্ভাণ্ডালি কৰি সামগ্ৰী ভাঙে ৷ লগে লগে হুলস্থূল লগাত লোকজনৰ ঘৰৰ লোকে আহি দোকানখনৰ ক্ষতিপূৰণ দিম বুলি কথা দিয়ে ৷
কিন্তু এই কথা নুশুনি একাংশ উদণ্ড পশুতুল্য লোকে ৰড, লাঠি আৰু চোকা অস্ত্ৰৰে বেয়াকৈ মাৰধৰ কৰি গুৰুতৰভাৱে আহত কৰে লোকজনক ৷ প্ৰহাৰৰ ফলত লোকজনৰ এখন ভৰিত ভাঙি যোৱাত প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হয়। পিছত 108 সেৱাৰে লোকজনক ধেমাজি অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও লোকজনৰ অৱস্থা গুৰুতৰ হোৱাত তেওঁক ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ পিচে চিকিৎসালয় নৌপাওঁতেই লোকজনে মৃত্যুক সাৱটি লয় ৷ ইতিমধ্যে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ দাবী উত্থাপন কৰে ৷
লগতে পঢ়ক:Woman rape and murdered: মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহত এজন যুৱকক আটক