অসম

assam

বিধায়ক তেৰছ গোৱালা

By

Published : Jun 24, 2023, 4:18 PM IST

ETV Bharat / videos

Terash Gowalla in Duliajan: লোক নিৰ্মাণ বিভাগৰ বিষয়াক ধমক বিধায়ক তেৰছ গোৱালাৰ

ডিব্ৰুগড়, 24 জুন: নিৰ্মাণৰ এবছৰ সম্পূৰ্ণ নহওঁতেই দুলীয়াজানৰ বৰুৱা তিনিআলিত খহি পৰিল পকী দলঙৰ এটা অংশ ৷ দুলীয়াজানৰ বৰুৱা তিনিআলিৰ পৰা বামুনগাওঁ সংযোগী মূল পথৰ ওপৰৰ দলংখন তিনি কোটি টকা ব্যয় কৰি ঠিকাদাৰে কিছুদিন পূৰ্বে নিৰ্মাণ কৰিছিল ৷ কিন্তু ঠিকাদাৰে নিম্ন মানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰি দলংখন নিৰ্মাণ কৰাত বৰ্তমান দলংখনৰ এটা অংশ খহি যোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে ৷  

এই ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় বিধায়ক তেৰছ গোৱালা ৷ কেইবা কোটি টকাৰে নিৰ্মাণ কৰা এই দলং এটা বছৰৰ পাছতেই খহি পৰাত ক্ষোভিত হৈ পৰে বিধায়ক তেৰছ গোৱালা ৷ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ বিৰুদ্ধে সৰৱ বিধায়ক তেৰছ গোৱালা ৷ 

এই ঘটনাৰ বাবে লোক নিৰ্মাণ বিভাগৰ বিষয়াক ফোনযোগে আৰু ঘটনাস্থলীত উপস্থিত হোৱা বিভাগীয় বিষয়াক ধমক দিয়ে বিধায়ক গৰাকীয়ে ৷ লগতে অতি সোনকালে দলংখন মেৰামতিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ৰাইজৰ ধন অপচয় আৰু লুন্ঠন কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰো ৰাইজক আশ্বাস দিয়ে বিধায়ক গৰাকগৰাকীয়ে ৷

লগতে পঢ়ক:Oil tanker falls : তিতাবৰত হাতে হাতে বাল্টি লৈ তেল নিবলৈ ওলাই আহিল ৰাইজ

ABOUT THE AUTHOR

...view details