হিমন্ত বিশ্ব শৰ্মাতকৈ বহুত ওপৰত গৌৰৱ গগৈ: শিৱামণি বৰা - কংগ্ৰেছ নেত্ৰী
Published : Dec 18, 2023, 6:29 PM IST
তেজপুৰ, ১৮ ডিচেম্বৰ: "দুখনমান ফটো, ছেলফি ল’লেই জনপ্ৰিয় বুলি নকয় ৷ প্ৰকৃত জনপ্ৰিয়তা তৃণমূল পৰ্যায়তহে চাব লাগিব ৷" এই মন্তব্য বটদ্ৰৱা সমষ্টিৰ বিধায়িকা তথা কংগ্ৰেছ নেত্ৰী শিৱামণি বৰাৰ ৷ সোমবাৰে তেজপুৰত উপস্থিত হৈ এই মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
তেওঁ কয় যে, সাংসদ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাত কৈ বহুত ওপৰত আছে ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনতকৈ গৌৰৱ গগৈয়ে বেছি নম্বৰ পাব বুলি কয় তেওঁ ৷ লগতে লোকসভাত সাংসদ গৌৰৱ গগৈয়ে প্ৰত্যেকটো বিষয় শক্তিশালীভাৱে উপস্থাপন কৰিছে বুলি কয় বিধায়িকাগৰাকীয়ে ৷ আনহাতে মুখ্যমন্ত্ৰীৰ বিকল্প গৌৰৱ গগৈ বুলিও উল্লেখ কৰে বিধায়িকা শিৱামণি বৰাই ৷
আনহাতে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সন্দৰ্ভত তেওঁ কয় যে, গৌৰৱ গগৈ বুলি নহয়, দলৰ উৰ্ধতম কৰ্তৃপক্ষই যাকেই দিয়ে তেওঁকেই আদৰি ল’ব ৷
উল্লেখ্য যে, তেজপুৰত লোকসভা সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ দলে ৷ আজি তেজপুৰৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ বুথ কমিটিৰ এক সভা ৷ এই সভাত উপস্থিত থাকে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা আৰু বিধায়ক নুৰুল হুদা ৷
লগতে পঢ়ক :কংগ্ৰেছ জনসাধাৰণৰ লগত নাই, কংগ্ৰেছ এতিয়া বাংলাদেশী আগ্ৰাসী মিঞাৰ মাজত: মানৱ ডেকা