Certificate course : নগাঁৱত প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ শুভ উদ্বোধন
Published : Sep 22, 2023, 8:37 AM IST
চামগুৰি, ২২ ছেপ্টেম্বৰ :বৃহস্পতিবাৰে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ আধাৰত মহিলা আৰু শিশু বিকাশ কল্যাণ বিভাগ, অসমৰ উদ্যোগত আৰু ৰাজ্যিক পৰিষদৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ চমুকৈ SCERT ৰ সহযোগত অসম চৰকাৰৰ অধীনত দশম আৰু দ্বাদশ শ্ৰেণীৰ উৰ্দ্ধৰ অংগনবাড়ী কৰ্মীসকলৰ বাবে এই প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ শুভ উদ্বোধন কৰা হয় ৷
বৃহস্পতিবাৰে আয়োজিত উক্ত অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ কল্যাণ বিভাগৰ সঞ্চালক বিভাস মোদী, অতিৰিক্ত আয়ুক্ত ফিলিছ হাৰংগাল, মহিলা আৰু শিশু বিকাশ কল্যাণ বিভাগৰ উপ সঞ্চালক কুঞ্জলতা লাহন, তেজপুৰৰ সমাজ কল্যাণ বিষয়া ৰুবি কলিতা, নগাঁও জিলা সমাজ কল্যান বিষয়া বিদ্যুৎ হাজৰিকা, BTC ৰ অধ্যক্ষ অনাৰুল ইছলামৰ লগতে বিভাগীয় কেবাজনো বিষয়ববীয়া আৰু বহু অংগনবাড়ী কৰ্মী উপস্থিত থাকে ৷
লগতে পঢ়ক :Ganesh idol Immersion: ডিব্ৰুগড়ত অশ্ৰুসিক্ত নয়নেৰে বিঘিনি নাশকক বিসৰ্জন ভক্তৰ