অসম

assam

বিধায়ক ৰূপজ্যোতি কুৰ্মী

By

Published : Feb 12, 2023, 10:21 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / videos

Naga aggression at Mariani: এদিনৰ ভিতৰত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি বিধায়ক ৰূপজ্যোতিৰ

যোৰহাট, 12 ফেব্ৰুৱাৰী : সীমান্তবাসীক মাত্ৰ এটা দিন ৰ’বলৈ অনুৰোধ জনাইছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ 13 ফেব্ৰুৱাৰীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ত্ৰিপুৰাৰ নিৰ্বাচনত ব্যস্ত থকাৰ বাবে নগাৰ আগ্ৰাসনৰ সন্দৰ্ভত পলমকৈ অৱগত হোৱা বুলি জনাইছে ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi)৷

মৰিয়নিৰ দিচৈভেলীত (Dissoi Valley Reserve Forest) নগাৰ ভয়াৱহ আগ্ৰাসন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ অসমৰ ভূমি কেতিয়াও নগাক এৰি দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰিছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) অসমৰ মাটি বেদখলকাৰীক কেতিয়াও ক্ষমা নকৰে ৷ অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যাৰ ক্ষেত্ৰত লোৱা ইতিবাচক পদক্ষেপৰ দৰেই নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, অসম-নাগালেণ্ডৰ সীমান্তৰ (Assam Nagaland Border) মৰিয়নিৰ নাগাজাংকাৰ বৰলাইনবাসী ৰাইজে বিগত বহুদিন চৰম নিৰাপত্তাহীনতাত ভুগি আহিছে ৷ কাৰণ অসম ভূমিত বীৰদৰ্পে নগাই চলাই আহিছে সন্ত্ৰাস ৷ বৰলাইনৰ দাঁতিতে লাগি থকা দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি নগাই অধিগ্ৰহণ কৰাৰ সময়ত স্থানীয় ৰাইজ আৰু সাংবাদিক উপস্থিত হোৱাত নগা দুস্কৃতিকাৰীয়ে অসমৰ দলটোক অস্ত্ৰ-শস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰে ৷

ইতিমধ্যে নগাৰ সন্ত্ৰাসৰ মাজত দিন-ৰাতি পাৰ কৰিবলগীয়া হৈছে সীমান্তৱৰ্তী ৰাইজে ৷ এনে বিপদৰ সময়তো স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সীমান্তবাসী ৰাইজ কাষত থিয় নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে  ৷

তাৰ পৰিৱৰ্তে বিধায়ক কুৰ্মী নগালেণ্ডৰ গাঁৱত উপস্থিত হৈ হাতত নগা দা লৈ সম্বৰ্ধনা গ্ৰহণ কৰা ঘটনাত ক্ষোভিত হৈ পৰিছে সীমান্তবাসী অসমীয়া (Naga Aggression at Mariani) ৷ সেহে স্থানীয় জনপ্ৰতিনিধি গৰাকী নগাপ্ৰীতি দেখি সীমান্ত বাসী ৰাইজে বিধায়ক ৰূপজ্যোতি কুৰ্মী বিৰোধী শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰিছিল । ৰূপজ্যোতি কুৰ্মী গৰিহনাৰ সন্মুখীন হোৱা পিছত দেওবাৰে সংবাদ মাধ্যমৰ জৰিয়তে আৰু মাত্ৰ এটা দিন ৰ’বলৈ অনুৰোধ জনায় ৰাইজক ৷ এটা দিনৰ পাছতেই নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে বিধায়ক কুৰ্মীয়ে ৷

লগতে পঢ়ক:Assam Police new rule : সোমবাৰৰ পৰা অসম আৰক্ষীয়ে মানিব লাগিব ডিজিপিৰ নতুন নিৰ্দেশনা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details