পত্নীৰ সৈতে মঞ্চ ভগাই লৈছে ৰূপজ্যোতিয়ে - বিধায়ক ৰূপজ্যোতি কুৰ্মী
Published : Jan 17, 2024, 5:09 PM IST
যোৰহাট, 17 জানুৱাৰী :এইবাৰ মৰিয়নীত একেখন মঞ্চতে অভিনয় কৰিব বিধায়ক আৰু বিধায়কৰ পত্নীয়ে । বিধায়ক যদি ব্ৰহ্মা তেন্তে বিধায়কৰ পত্নী আকৌ ধৰিত্ৰী । আচলতে অহা ১৯ আৰু ২০ জানুবাৰীত মৰিয়নীৰ বৃহত্তৰ নগাধুলিৰ ৰাইজৰ উদ্যোগত আৰু জেউতি সংঘৰ সহযোগত আঞ্চলিক ভিত্তিত অনুষ্ঠিত হ’বলগীয়া শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাত এইবাৰ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ব্ৰহ্মাৰ অভিনয় কৰাৰ লগতে তেওঁৰ পত্নী মাঞ্চুৰীয়া বৰদলৈ কুৰ্মীয়ে অভিনয় কৰিব ধৰিত্ৰীৰ ৰূপত ৷
অভিনয়েৰে দৰ্শকক মুহিবলৈ সাজু হৈছে দুয়ো । সেয়েহে নিশা এপৰলৈকে আন আন অভিনেতা-অভিনেত্ৰীৰ সৈতে আখৰাত ব্যস্ত হৈ থকা দেখা গৈছে বিধায়ক দম্পতীক । উল্লেখ্য যে, বিধায়ক দম্পতীৰ লগতে অসমৰ মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মায়ো একেখন মঞ্চতে অভিনয় কৰিব । বিভিন্ন ধৰণৰ মন্তব্য আৰু কামৰ বাবে সদায় ৰাজনৈতিক ক্ষেত্ৰত যিদৰে শীৰ্ষস্থান দখল কৰি থাকে, সেইদৰে কৃষ্টি-সংস্কৃতি আৰু ধৰ্মীয় ক্ষেত্ৰখনতো নিজৰ পাৰদৰ্শিতা বৰ্তাই ৰাখি আহিছে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ এতিয়া নিজৰ স্বামীৰ পদাংক অনুসৰণ কৰি আগবাঢ়িছে পত্নীও ৷
লগতে পঢ়ক :নগাঁও ভোগালী উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ যতীন-প্ৰীতি কংগনা-কৃষ্ণমণিৰ