Delimitation Exercise in Assam: বিজেপিৰ একাংশৰ পাখি কটাৰ উদ্দেশ্যে প্ৰস্তুত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা; ৰকিবুল হুছেইন
নগাঁও, 21 জুন:নিৰ্বাচন আয়োগে মঙলবাৰে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে ৷
সমষ্টি পুনৰ নিৰ্ধাৰণ মুখ্যমন্ত্ৰীৰ মতে হোৱাৰ অভিযোগ ৰকিবুল হুছেইনৰ ৷ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পৰা বিজেপিৰ হে ক্ষতি হ'ব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ৷ ইয়াৰ পৰা কংগ্ৰেছৰ একো ক্ষতি নহয় বুলি কয় কংগ্ৰেছ নেতা গৰাকীয়ে ৷ বিজেপিৰ একাংশ নেতাৰ পাখি কটাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰা বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷
লগতে পঢ়ক:Debabrata Saikia reacts on delimitation: বিজেপিৰ বাবে ৰাইজৰ নহয় দলীয় স্বাৰ্থ সৰ্বোপৰি: বিৰোধী দলপতি