MLA Phani Bhusan Choudhury: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ প্ৰতিক্ৰিয়া বিধায়ক ফণীভূষণ চৌধুৰীৰ
বঙাইগাঁও, 17 এপ্ৰিল: সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাত বঙাইগাঁও সমষ্টিৰ গাঁও কৰ্তনক লৈ বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া ৷ বঙাইগাঁও সমষ্টিৰ ক্ষেত্ৰত কেইবাখনো গাঁও অন্তৰ্ভুক্ত আৰু কৰ্তন কৰিবলগীয়া আছে বুলি উল্লেখ কৰে বিধায়কজনে ৷ উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিছতেই বঙাইগাঁও সমষ্টিৰ 10 খনকৈ গাঁও পঞ্চায়তৰ ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ এই ক্ষেত্ৰত 20 জুলাইত নিৰ্বাচন আয়োগক ৰাইজে ওজৰ-আপত্তি জনাব বুলি সদৰী কৰে বিধায়কজনে ৷
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত বঙাইগাঁও সমষ্টিবাসীৰ সৈতে আলোচনা কৰে বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷ বিধায়ক চৌধুৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক আদৰণি জনাইছো বুলিও সাবাদিকৰ আগত মন্তব্য কৰে ৷ যিহেতু অসম গণ পৰিষদ দলে এই খচৰাক আদৰণি জনাইছে, সেয়ে দলৰ এজন সৈনিক হিচাবে মইও এই খচৰাক আদৰণি জনাইছো বুলি মন্তব্য কৰে নেতাজনে ৷
লগতে পঢ়ক:MLA Bhubon Pegu: অসমীয়া জাতিক চূড়ান্ত অপমান কৰিছে আজমলে; বিধায়ক ভূৱন পেগু