অসম

assam

ETV Bharat / videos

Bhauna performed: জামুগুৰিহাটত গদা ঘুৰাই যুদ্ধত নামিল বিধায়ক পদ্ম হাজৰিকা - MLA Padma Hazarika performance in Bhawna

By

Published : Oct 31, 2022, 1:46 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

জামুগুৰিহাটৰ নাট্যচৰ্চাৰ অগ্ৰণী অনুষ্ঠান 'আখৰা'ৰ ৰূপালী জয়ন্তী উপলক্ষে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নাট সমাৰোহৰ অন্তিম দিনা পংকজ জ্যোতি ভূঞাৰ পৰিচালনাৰ 'ঘটোৎকচ' নাটকত দুৰ্যোধনৰ ৰূপত দেওবাৰে নিশা দুৰ্দান্ত অভিনয় কৰা দেখা গ'ল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক(MLA Padma Hazarika performance in Bhawna ) ৷ জামুগুৰিহাটৰ পৰিদৰ্শন বংলাৰ খেলা পথাৰত অনুষ্ঠিত উক্ত নাটখনিত সকলো কলা-কুশলীয়েই নিখুঁত তথা দুৰ্দান্ত অভিনয়ৰে প্ৰায় তিনি ঘন্টা ধৰি উপস্থিত হাজাৰ হাজাৰ নাট্যপ্ৰেমী ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰাখে(MLA Padma Hazarika in role of Duryodhana) । আনফালে নাটকখনত শকুনিৰ ৰূপত দেখা গল বিশিষ্ট অভিনেতা দেবানন্দ শইকীয়াক । সূদীৰ্ঘ ২২ বছৰৰ পাছত এইবাৰ মঞ্চৰ অভিনয়েৰে অনন্য ৰূপত দেখা গ'ল বিধায়ক পদ্ম হাজৰিকাক ।
Last Updated : Feb 3, 2023, 8:30 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details