অসম

assam

সমূহীয়া কঠিয়া সিঁচা কাৰ্যসূচীত

By

Published : Jul 1, 2023, 10:25 AM IST

ETV Bharat / videos

MLA on paddy field: ভাষণ এৰি খেতিত ধৰিলে মাজুলীৰ বিধায়ক ভুৱন গামে

মাজুলী, 1 জুলাই:এইবাৰ কৃষকৰ ৰূপত দেখা গ’ল মাজুলীৰ বিধায়ক ভুৱন গামক ৷ মাজুলীৰ কৃষক ৰাইজক শালি ধানৰ কঠিয়া যোগান ধৰিবলৈ ট্ৰেক্টৰেৰে হাল বাই কঠিয়া সিঁচিলে বিধায়কগৰাকীয়ে ৷ জিলা কৃষি বিভাগৰ উদ্যোগত সমূহীয়া কঠিয়া সিঁচা কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ৷  

ৰাৱনাপাৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বিধায়কগৰাকীৰ লগতে অংশগ্ৰহণ কৰে মাজুলীৰ জিলা আয়ুক্ত কাবেৰী বি শৰ্মাই ৷ ভুৱন গামৰ লগে লগে কঠিয়া সিঁচা দেখা গ’ল মাজুলীৰ জিলা আয়ুক্ত গাৰাকীয়ে ৷ মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত মাজুলীৰ ফুলনী, কমলাবাৰী, ৰাতনপুৰকে আদি কৰি বিভিন্ন স্থানত এইদৰে কঠীয়া পৰা হৈছে ৷ এই দৰে কঠীয়া পৰাৰ জৰিয়তে মাজুলীৰ কৃষক সকল উপকৃত হ’ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক:MLA Terash Gowalla:ৰাজনীতি এৰি কৃষি পথাৰত ব্যস্ত দুলীয়াজানৰ বিধায়ক

ABOUT THE AUTHOR

...view details