MLA Manoranjan Talukder: অসমৰ মানুহক বুৰ্বক ভাবিছে হিমন্ত বিশ্ব শৰ্মাই: মনোৰঞ্জন তালুকদাৰ - Manoranjan Talukdar MLA Sorbhog constituency
গুৱাহাটী, 9 মে’: হিমন্ত বিশ্ব শৰ্মাই দুটা বছৰৰ বৰ্ষপূৰ্তিৰ কথাটো ক’বই নালাগে ৷ যদি পালন কৰিব লাগে তেন্তে সাতটা বছৰৰ বৰ্ষপূৰ্তি পালন কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ অসমত বিজেপি চৰকাৰ দুটা বছৰ নহয়, সাতটা বছৰ আছে ৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনৰ কোনো দায়িত্ব এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ল’ব বিচৰা নাই ৷ কিন্ত চৰকাৰ বিজেপিৰেই ৷ এই মন্তব্য সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিক লৈ এক সংবাদমেলযোগে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰভোগ সমষ্টিৰ বিধায়ক গৰাকীয়ে (MLA Manoranjan Talukder Slams Himnta Biswa Sarma) ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক ৰখাৰ কথা কয়; কিন্তু শ্ৰেষ্ঠ পাঁচ খন ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই দুটা বছৰত কি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিলে বুলি প্ৰশ্ন কৰে জ্যেষ্ঠ বিধায়কগৰাকীয়ে (MLA Manoranjan Talukder Press Meet) ৷
ৰাজ্যত সঁচা অৰ্থত বিকাশ কৰিবলৈ হ’লে কৃষি খণ্ড, উদ্যোগিক খণ্ডৰ উন্নয়ন কৰিব লাগিব ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কৃষি খণ্ডত সফলতা লাভ নকৰাৰ লগতে উদ্যোগীকৰণৰ দিশৰ পৰাও শূন্য বুলি মন্তব্য কৰে তেওঁ ৷ বিগত দুটা বছৰত এইখন চৰকাৰে বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই বুৰ্বক ভাবিছে বুলিও মন্তব্য কৰে ৷ লগতে নিজকে জাহিৰ কৰাৰ বাবেহে হিমন্ত বিশ্ব শৰ্মাই দুটা বছৰৰ বৰ্ষপূৰ্তিৰ কথা কৈছে বুলিও মন্তব্য কৰে তেওঁ (Manoranjan Talukdar MLA Sorbhog constituency) ৷
লগতে পঢ়ক:Batadrava Project: অহা মাঘমাহত উদ্বোধন হ’ব বটদ্ৰৱা প্ৰকল্প