অসম

assam

বিধায়ক আব্দুল বাতিন খন্দকাৰ

ETV Bharat / videos

Model Anganwadi Centre :একেদিনাই আঠটাকৈ কামৰ আধাৰশিলা স্থাপন বিধায়কৰ - বিধায়ক পুঁজি আৰু শিশু কল্যাণ বিভাগ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 6:01 PM IST

মাণিকপুৰ, ৫ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম আৰু অভয়াপুৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত বিধায়ক আব্দুল বাতিন খন্দকাৰে একেদিনাই আঠটাকৈ কামৰ আধাৰশিলা স্থাপন কৰে । লুংঝাৰ,ভাণ্ডাৰাত মডেল অংগনৱাড়ী কেন্দ্ৰ,সুপাৰীগুৰীত কাঠৰ দলং,ভাণ্ডাৰাত মাদ্ৰাছাৰ চৌহদৰ ৱাল, কৱৰস্থানৰ চৌহদৰ ৱালকে আদি কৰি আঁচনিসমূহৰ কামৰ আধাৰশিলা স্থাপন কৰে । বিধায়ক পুঁজি আৰু শিশু কল্যাণ বিভাগৰ আঁচনিৰ জৰিয়তে এই কাম সমূহ সম্পন্ন কৰা হ'ব বুলি তেওঁ কয় ।  

এই শিলান্যাস অনুষ্ঠানত বিধায়কক সংগ দিয়ে মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মঞ্জু ঘোষে । বিধায়কে আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শিলান্যাস কৰি কয় যে এয়া হৈছে অসম চৰকাৰৰ এক অভিলাষী আঁচনি । ইয়াৰ দ্বাৰা ল'ৰা-ছোৱালীয়ে ছয় বছৰ বয়সলৈকে শিক্ষাৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি যাব আৰু যিসকল ল'ৰা-ছোৱালী পুষ্টিহীনতাত ভুগি আছে সেই সকলে চৰকাৰে আগবঢ়োৱা পুষ্টিযুক্ত খাদ্য খাই উপকৃত হ'ব । স্থানীয় ৰাইজক আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ  কাম-কাজত সহায় সহযোগ কৰিবলৈ আহ্বান জনায় ।  

আনহাতে, সমষ্টি আৰু উপ-জিলা সম্পৰ্কত তেওঁ কয় যে মাণিকপুৰ ৰাজনৈতিক চক্ৰৰ বলি হ'ল । আজি হয়তো মাণিকপুৰবাসীয়ে উপলদ্ধি কৰা নাই, কিন্তু এসময়ত উপলদ্ধি কৰিব । নিৰ্বাচনী বিষয়াৰ ওচৰত সাক্ষ্য প্ৰদান কৰোতে কিছুমান ব্যক্তিয়ে মাণিকপুৰৰ চিন্তা-চৰ্চা নকৰি ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰি বঙাইগাঁও, অভয়াপুৰী আৰু সৃজনগ্ৰাম সমষ্টিৰ সপক্ষে মতামত দিয়া বুলি উল্লেখ কৰে ।

লগতে পঢ়ক:Jania Constituency: বিভিন্ন সমস্যা সন্দৰ্ভত জনীয়াৰ বিধায়কৰ হাফিজ ৰফিকুল ইছলামৰ সংবাদমেল

ABOUT THE AUTHOR

...view details