অসম

assam

By

Published : Nov 7, 2022, 8:21 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / videos

Assam Grade 3 Result 2022 : ধনৰ বিনিময়ত একাংশ প্ৰাৰ্থীয়ে চাকৰি লৈছে; বিধায়ক কমলাক্ষ

প্ৰকাশ পালে ৰাজ্যৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল (Assam Direct Recruitment Grade 3 Result 2022) । শেহতীয়াকৈ ঘোষণা হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত চৰকাৰে নিকাভাৱে নিযুক্তি দিব পৰা নাই । ধনৰ বিনিময়ত একাংশ প্ৰাৰ্থীয়ে চাকৰি পোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই (MLA Kamalakhya Dey Purkayastha) ৷ আনকি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰে বৰাক উপত্যকাৰ প্ৰতিও বৈষম্যমূলক আচৰণ কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে ৷ সোমবাৰে কৰিমগঞ্জৰ অতিৰিক্ত আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই বৰ্তমানৰ চৰকাৰখনৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details