Ajit Kumar Bhuyan MP Fund Scam: অজিত কুমাৰ ভূঞাই দুৰ্নীতি কৰিব পাৰে বুলি ভবাই নাছিল দিগন্ত কলিতাই - মলপুৰ বিধানসভা সমষ্টি
বাইহাটা চাৰিআলি, 5 ফেব্ৰুৱাৰী : সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত হৈছে সাংসদ পূঁজিৰ ধন আত্মসাতৰ গুৰুতৰ অভিযোগ (Ajit Kumar Bhuyan MP Fund Scam)৷ এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই তদন্ত আৰম্ভ কৰাৰ লগতে সাংসদগৰাকীয়েও সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৷
সমান্তৰালভাৱে শাসকপক্ষৰ বিধায়ক-নেতাসকলেও সাংসদ ভূঞাৰ বিৰুদ্ধে বিভিন্নধৰণেৰে মন্তব্য আগবঢ়াইছে ৷ দেওবাৰে এই সন্দৰ্ভত মন্তব্য আগবঢ়ালে বিধায়ক দিগন্ত কলিতাই (MLA Diganta Kalita) ৷
বিধায়ক কলিতাই কয়- ‘‘ অজিত কুমাৰ ভূঞাৰ লগত ব্যক্তিগতভাৱে মোৰ ভাল সম্পৰ্ক ৷ কিন্তু সাংসদৰ উপৰিও এজন সাংবাদিক হৈ এনেকুৱা এটা পৰ্যায়লৈ যাব বুলি ভবা নাছিলো ৷ এই সন্দৰ্ভত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো ইয়াৰ অনুসন্ধান হ’ব লাগে’’ ৷
অজিত ভূঞাৰ দৰে এগৰাকী সাংসদে এনে কাৰ্য কৰাত লজ্জিত অনুভৱ কৰা বুলি মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই ৷ কলিতাই কয় যে, এই কেলেংকাৰীত কোন কোন বিষয়া আৰু ঠিকাদাৰ জড়িত হৈ আছে শীঘ্ৰেই তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ সাংসদ অজিত কুমাৰ ভূঞাক দিগন্ত কলিতাই সমষ্টিলৈ আমন্ত্ৰণ জনাই সাংসদ পুঁজিৰ ধন কিদৰে লুণ্ঠন হৈছে চাবলৈ অনুৰোধ জনায় বিধায়ক দিগন্ত কলিতাই ৷ বিধায়কগৰাকীয়ে লগতে কয় যে, সাংসদগৰাকীৰ কৃপাদৃষ্টি নাথাকিলে কোনেও এই বৃহৎ কেলেংকাৰী সংঘটিত কৰিবলৈ সক্ষম নহয় ৷
উল্লেখ্য যে, কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ আচনি ৰূপায়নত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Ajit Bhuyan MP fund scheme)৷ অস্তিত্বহীন কামৰ বাবদ দুৰ্নীতিপৰায়ন ঠিকাদাৰে জালিয়াতিৰে সাংসদ পুঁজিৰ ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ সমষ্টিটোৰ অন্তৰ্গত মধুকুছি গাঁও পঞ্চায়তৰ আঠাৰা মধুকুছি পথৰ পৰা বৰলেছাকোনা নামঘৰলৈ যোৱা পথছোৱা নিৰ্মানৰ নামত ১৬ লাখ ৬০ হাজাৰ টকা অসাধু চক্ৰই মোকলাই নিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷
এই তথ্য অঞ্চলটোৰ ৰাইজে লাভ কৰাৰ পাছতে ক্ষোভিত হৈ পৰে ৷ অঞ্চলটোৰ লোকসকলে কৰা অভিযোগ অনুসৰি পাচঁ বছৰ পূৰ্বে পথছোৱা এমজিএনৰেগাৰ অধীনত নিৰ্মান কৰা হৈছিল । কিন্ত সাংসদ পুঁজিৰ ধনেৰে পথটোত এচপৰাও মাটি পৰা নাই । সাংসদ অজিত কুমাৰ ভূঞাৰ পুঁজিৰ ধন সদব্যৱহাৰ নোহোৱা বিষয়টোত ৰাইজে আশ্বৰ্য প্ৰকাশ কৰে । ইপিনে একাংশ ৰাইজে এই সন্দৰ্ভত সাংসদগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক:Dhula murder Case : ধূলাৰ কিশোৰী হত্য়াকাণ্ডৰ অভিযোগনামা দাখিল চি আই ডিৰ