অসম

assam

By

Published : Sep 3, 2022, 10:31 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

বৰপেটাত ক্যাৰাটে প্ৰতিযোগিতা

বৰপেটা জিলা ক্যাৰাটে এচ'ছিয়েচনৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত হৈছে কাৰাটে প্ৰতিযোগিতা (Karate championship in Barpeta)৷ বৰপেটা জিলাভিত্তিত আয়োজিত কাৰাটে ছেম্পিয়নশ্বিপৰ বিভিন্ন শাখাত প্ৰায় দুশগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ অসম ৰাজ্যিক ক্যাৰাটে এচ’ছিয়েচনৰ(Assam State Karate Association) সভাপতি তথা বিধায়ক দিগন্ত কলিতায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে (MLA Diganta Kalita in Barpeta)৷ দিগন্ত কলিতাই জনোৱা মতে, এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজৰ পৰাই ৰাজ্যিক ক্যাৰাটে দলৰ খেলুৱৈ বাছনি কৰা হ'ব ৷ ক্যাৰাটেৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যখনক আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা বুলিও দিগন্ত কলিতাই প্ৰকাশ কৰে ৷ ইপিনে ক্যাৰাটেৰ জৰিয়তে সুস্থ দেহত সুস্থ মনৰ বিকাশ তথা ইয়ে আত্মৰক্ষাৰ এক উপায় বুলিও অভিহিত কৰে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details