অসম

assam

লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা

ETV Bharat / videos

৪ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব: বিনোদ হাজৰিকা - লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 2:21 PM IST

মৰাণ, ৩ ডিচেম্বৰ : ২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজি ঘোষিত হ'বলগা দেশৰ চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ দেশজুৰি ব্যাপক চৰ্চা চলিছে । কাৰ দখললৈ আহিব ৰাজস্থান, তেলেংগানা, চত্তীশগড় আৰু মধ্যপ্ৰদেশ । পুৱাৰে পৰা আৰম্ভ হ'ল ৪ ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা । ৪ ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যতে বিজেপি দল চৰকাৰ গঠনৰ দিশে আগবঢ়িছে । ইয়াৰ পাছতে লাহোৱালত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক বিনোদ হাজৰিকাই ।

বিধায়ক বিনোদ হাজৰিকাই এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "ফলাফল ওলোৱাৰ পূৰ্বে সকলোতে চৰ্চা চলিছিল কংগ্ৰেছে ভাল ফলাফল দেখুৱাব । তাক লৈ যথেষ্ট ভয় খাই আছিলো । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি ধৰণে দেশখনক গতিশীলতা প্ৰদান কৰিছে তাৰ বাবে আজি বিজেপিয়ে তিনি ৰাজ্যত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ।" এই ফলাফলে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি তেওঁ মন্তব্য় কৰে ।

লগতে পঢ়ক:অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱা সকলো ৰাজ্যতে বিজেপিয়ে পৰাজয় বৰণ কৰিব; ভূপেন বৰা

ABOUT THE AUTHOR

...view details