MLA Bhubon Pegu: অসমীয়া জাতিক চূড়ান্ত অপমান কৰিছে আজমলে; বিধায়ক ভূৱন পেগু - AIUDF
জোনাই,১৬ জুলাই:চিলাপথাৰৰ সমীপৰ মুক্তিয়াৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ল বিজেপিৰ 'টিফিন বৈঠক'। মিচিং, বাঙালী, বড়ো,নেপালী আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ মণ্ডলৰ কৰ্মকৰ্তা এই বৈঠকত অংশ গ্ৰহণ কৰে ৷ টিফিন বৈঠক অংশ গ্ৰহণ কৰে জোনাইৰ বিধায়ক ভূৱন পেগুৱে ৷ 'টিফিন বৈঠকৰ পাচত AIUDF ৰ নেতা সাংসদ বদৰুদ্দিন আজমলক ওভতি ধৰিলে বিধায়ক ভূৱন পেগুৱে ৷ বিধায়ক পেগুৱে কয়,'' অসমীয়াৰ সংজ্ঞা অপব্যাখ্যা কৰি অসমীয়া জাতিটোৰ প্ৰতি চূড়ান্ত অপমান কৰিছে আজমলে ৷’’
অনাগত দিনত অসমীয়া ৰাইজক তুচ্ছ তাচ্ছিল্য কৰা আজমলক ভাল শিক্ষা দিয়াৰ বাবে অসমীয়া ৰাইজক আহ্বান জনায় পেগুৱে । আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণত খিলঞ্জীয়া নিশ্চিতভাৱে সুৰক্ষিত হ'ব বুলি মন্তব্য কৰি তেওঁ আৰু কয় ‘‘একাংশই নিজা ৰাজনৈতিক স্বাৰ্থসিদ্ধি নোহোৱাৰ আশংকাত এনে অপপ্ৰচাৰ চলাইছে ৷’’