অসম

assam

উন্নয়নবিহীন অসমৰ এটা সমষ্টি

ETV Bharat / videos

MLA misbehaves people: উন্নয়নৰ নাম শুনিলেই বিধায়ক পুঁজিৰ অজুহাত দেৰগাঁও সমষ্টিৰ দুবাৰৰ অগপ বিধায়কৰ - বিধায়ক পুঁজিৰ অজুহাত দেৰগাঁও সমষ্টিৰ অগপ বিধায়কৰ

By

Published : Feb 26, 2023, 4:05 PM IST

দেৰগাওঁ, 26 ফেব্ৰুৱাৰী :মোৰ ওচৰলৈ নাহিব । মই একো কৰিব নোৱাৰোঁ । মোৰ বিধায়ক পুঁজি নাই ৷ উল্লেখ্য যে, নিজ নিজ সমষ্টিৰ সমস্যা, অসুবিধাৰ সমাধান বিচাৰি জনতা যায় জনপ্ৰতিনিধিৰ ওচৰত ৷ কিন্তু সেই জনপ্ৰতিনিধিয়ে যেতিয়া জনতাৰ সমস্যা সমাধান কৰাৰ পৰিবৰ্তে এনেদৰে মন্তব্য দি খেদি পঠিয়ায় ! কি ক’ব আপুনি ! এই ঘটনা সংঘটিত হৈছে দেৰগাঁও সমষ্টিত ৷

দেৰগাঁও সমষ্টিৰ অগপ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ ওচৰলৈ সমষ্টিবাসীয়ে কোনো সমস্যা লৈ বিধায়কগৰাকীয়ে এনেদৰে খেদি পঠিওৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বিধায়কগৰাকীৰ ওচৰলৈ গ’লেই 'মোৰ ওচৰলৈ নাহিব । মই একো কৰিব নোৱাৰোঁ । মোৰ বিধায়ক পুঁজি নাই' বুলি সমষ্টিবাসীক অপমান কৰি খেদি পঠিয়ায় ৷ আনকি সমষ্টিটোৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে বিধায়ক পুঁজি নহাৰ দোহাই দি অহাৰ ফলতেই সমষ্টিবাসীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই সূচল বাট-পথ ৷ এখন ভগ্ন প্ৰায় বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা কৰি প্ৰাত্যাহিক জীৱন যাত্ৰা অব্যাহত ৰাখিছে উন্নয়ন বঞ্চিত সমষ্টিবাসীয়ে (Dergaon MLA misbehaves people )  ৷

দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৪৫ নং পশ্চিম সৰুচৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক তীৰ্থভুমি বৰভেঁটি সংযোগী কাঠনিবাৰীৰ টিং টিঙীয়াৰ টোকোলাই জানটোৰ ওপৰত থকা এখন জৰাৰ্জীণ বাঁহৰ দলঙে বছৰৰ পিছত বছৰ ধৰি জীয়াতু ভোগাইছে বৃহৎ অঞ্চলবাসী ৰাইজক । দীৰ্ঘদিন ধৰি অঞ্চলবাসী ৰাইজে পথ আৰু উক্ত জৰাৰ্জীণ বাঁহৰ দলঙখন উন্নত কৰি দিবলৈ অনুনয় বিননয় কৰিছে যদিও কাণষাৰ নাই স্থানীয় অগপ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ ।

লক্ষণীয় বিষয় যে, স্থানীয় বিধায়ক গৰাকীক এই বিষয়ে ৰাইজে অৱগত কৰিলে পুঁজি নাই বুলি গালি শপনি পাৰি খেদি পঠিয়াই দিয়াৰ দিয়াৰ গুৰুতৰ অভিযোগ উথাপন কৰে । স্থানীয়ে ৰাইজে সমস্যা সম্পৰ্কে বিধায়কজনক অৱগত কৰিলে পুঁজি নাই, চৰকাৰে কোনো আঁচনি মোক দিয়া নাই আদি অজুহাত দিয়াৰ লগতে অকথ্য গালি গালাজ পাৰি ৰাইজক খেদি পঠিয়াই বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷

অনাগত সময়ত অগপ বিধায়কগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক :Waterless Jal Jeevan Mission at Kaliabor : জলহীন জলজীৱন; আজিও ৰাজ্যৰ বহু অঞ্চলত ঘোলা পানীৰে পিয়াহ গুচাইছে ৰাইজে

ABOUT THE AUTHOR

...view details