অসম

assam

Akhil Gogoi

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:47 PM IST

ETV Bharat / videos

Akhil Gogoi: তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ অংশীদাৰ হিমন্ত বিশ্ব শৰ্মা; অখিল গগৈ

সৰুপথাৰ, 26 ছেপ্টেম্বৰ: কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ অংশীদাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপন হোৱা 100 কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য বিধায়ক অখিল গগৈৰ ৷ 

মঙলবাৰে সৰুপথাৰত সাংবাদিকৰ সৈতে কথা বতৰাত অখিল গগৈয়ে কয় যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত সকলো এলেকা কেলেংকাৰী আৰু দুৰ্নীতিৰ মূল স্থান ৷ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা অহা সকলো পুঁজি আত্মসাৎ কৰিছে তুলিৰাম ৰংহাঙে ৷ মুখ্যমন্ত্ৰীৰ পাখিৰ তলত থাকি ৰংহাঙে এই দুৰ্নীতি সংঘটিত কৰিছে আৰু কেলেংকাৰীৰ ধনৰ ভাগীদাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদক মুখ্যমন্ত্ৰীয়ে ATM হিচাবে ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ অখিল গগৈৰ ৷ 

তুলিৰাম ৰংহাঙৰ নেতৃত্বত সংঘটিত হৈ থকা সকলো দুৰ্নীতিৰ তথ্য শীঘ্ৰেই ফাদিল কৰা হ’ব বুলিও উল্লেখ কৰে বিধায়ক গগৈয়ে ৷

উল্লেখ্য যে বিগত দুদিন ধৰি ধনশিৰি মহকুমাৰ টেঙানী অঞ্চল ভ্ৰমণ কৰি মঙলবাৰে সৰুপথাৰৰ আশীৰ্বাদ ভৱনত উপস্থিত হৈ সৰুপথাৰৰ ৰাইজৰ দলৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। 

লগতে পঢ়ক:Akhil Gogoi: বিৰোধিতা নকৰিলেও সমৰ্থনো কৰিব নোৱাৰি মহিলা সংৰক্ষণ আইনক; কিয় ক’লে অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details