Akhil Gogoi on HSLC paper leak: শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী তুলিলে বিধায়ক অখিল গগৈয়ে - মেট্ৰিকৰ প্ৰশ্নকাকত পুনৰ ফাদিল
গুৱাহাটী,১৭ মাৰ্চ:মেট্ৰিকৰ প্ৰশ্নকাকত পুনৰ ফাদিল হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi on HSLC paper leak) । উল্লেখযোগ্য যে, মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু পৰীক্ষা বাতিল কৰাক লৈ চলি থকা বিতৰ্কৰ মাজতে যোৱানিশা অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই নিশা টুইট কৰি এই ঘটনা ৰাজহুৱা কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত আজি ছেবাই ১৮ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰি ১ এপ্ৰিললৈ পিছুৱাই দিয়ে ।
মেট্ৰিকৰ দুখনকৈ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয় যে পুনৰ মেট্ৰিকৰ প্ৰশ্নকাকত বাহিৰ হ’ল (Akhil Gogoi react on question paper leakage issue) । সঁচাকৈ অসমীয়া মাধ্যমক ধ্বংস কৰাৰ ষড়যন্ত্ৰ নেকি বুলি প্ৰশ্ন কৰি তেওঁ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে (Akhil Gogoi demands Education Minister resignation) । তেওঁ কয় -' শিক্ষা বিভাগে ল’ৰা ধেমালি কৰিছে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত । তেওঁলোকৰ ভৱিষ্যতৰ লগত খেলা কৰিছে তেওঁলোকে । তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে এই ঘটনাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পদত্যাগ কৰিব লাগে ।
লগতে পঢ়ক :Ranoj Pegu react on HSLC paper leak: অসমীয়াৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শিক্ষামন্ত্রীৰ প্ৰতিক্ৰিয়া