MLA Akhil Gogoi : জন-প্ৰতিনিধিসকলে জনতাৰ সেৱা কৰিবলৈ আহিছে, বিলাসিতা কৰিবলৈ নহয়: অখিল গগৈ - শিৱসাগৰ সমষ্টি
Published : Oct 11, 2023, 5:11 PM IST
গুৱাহাটী, ১১ অক্টোবৰ : অসম চৰকাৰে ঋণ লৈ মৌ খোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ৷ দিছপুৰত মন্ত্রীৰ আৱাস চৌহদত ১১.৫২ কোটি টকা ব্যয় সাপেক্ষে ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণ কৰা প্ৰসংগত বুধবাৰে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷
তেওঁ কয় যে এই চৰকাৰখনৰ দিনত ঋণৰ পৰিমাণ ১ লাখ ৪০ হাজাৰ কোটি টকাতকৈ বেছি হ'ল ৷ ধাৰ লোৱা টকাৰে চৰকাৰখনে কিন্তু বিলাসিতা কৰিবলৈ এৰি দিয়া নাই ৷ মন্ত্রীসকলৰ চৰকাৰী আৱাস বিলাসীভাৱে নিৰ্মাণ কৰিব বিচৰা হৈছে ৷ আনহাতে মন্ত্রীসকলৰ চৰকাৰী আৱাসিক চৌহদত ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে ১১.৫২ কোটি টকা খৰচ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এয়া অতিকৈ দুৰ্ভাগ্যজনক বুলি সদৰী কৰি তেওঁ কয় জনপ্ৰতিনিধিসকলে জনতাৰ সেৱা কৰিবলৈ আহিছে, বিলাসিতা কৰিবলৈ অহা নাই ৷
এনেদৰে ধাৰৰ টকাৰে বিলাসিতা কৰাটো নিন্দাজনক বুলি সদৰী কৰি তেওঁ কয় যে মুখ্যমন্ত্রীয়ে এটা দিনত হেলিকপ্টাৰত ব্যয় কৰে ৯.৫০ লাখ টকা ৷ চৰকাৰে ধাৰৰ টকাৰে খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম আদি পাতিছে ৷ মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰিছে আৰু হিতাধিকাৰী আঁচনি তৈয়াৰ কৰিছে ৷ তেওঁ লগতে কয় যে চৰকাৰে হিতাধিকাৰীক ধন বিলাবৰ বাবে পেণ্ডেল নিৰ্মাণৰ বাবদ ব্যয় কৰিছে ৪০ কোটি টকা ৷ এইটো অত্যন্ত দুৰ্ভাগ্যজনক ৷ তেওঁ মুখ্যমন্ত্রীকে ধৰি সকলো জনপ্ৰতিনিধিক বিলাসিতা বাদ দি জনতাৰ সেৱা কৰিবৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক :Jitendra Singh Slams HBS: জীতেন্দ্ৰ সিঙৰ দৃষ্টিত দেশৰ এক নম্বৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী ড৹ শৰ্মা