Retiered Teachers Feliciation: উত্তৰ অভয়াপুৰী সমষ্টিৰ অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা বিধায়কৰ
বঙাইগাঁও, 17 এপ্ৰিল:ৰাজ্যৰ কংগ্ৰেছী নেতা-পালিনেতাসকলৰ মাজত এতিয়া চলিছে ইফতাৰৰ ৰাজনীতি ৷ দিল্লীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ব্লক পৰ্যায়লৈ সকলোতে আয়োজন কৰা হৈছে ইফতাৰ মেহফিল ৷ পিছ পৰি থকা নাই উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ ৷
বিধায়ক আব্দুল বাতেন খন্দকাৰে সৃজনগ্ৰামৰ ৰাজীৱ ভৱনত আয়োজন কৰিলে ইফতাৰ পাৰ্টিৰ লগতে সম্বৰ্ধনা অনুষ্ঠান (MLA Abdul Batin Khandakar Organized Iftar Mehfil) ৷ সমষ্টিটোৰ সকলো অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক দেওবাৰে ৰাজীৱ ভৱনত বিধায়কজনে সম্বৰ্ধনা জনায় ৷ তাদুপৰি এই অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীকসকলক লৈ সমষ্টি ভিত্তিক এখন শিক্ষা উন্নয়ন সমিতি গঠন কৰাৰ কথাও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ সমিতিখনে বিদ্যালয়সমূহ জৰীপ কৰি প্ৰয়োজন অনুসৰি কম শিক্ষক থকা বিদ্যালয়ত শিক্ষাদানৰ ব্যৱস্থা কৰিব ৷ বিধায়কেগৰাকীয়ে আয়োজন কৰা এই অনুষ্ঠানত বৰপেটাৰ সাংসদ আব্দুল খালেক উপস্থিত থাকে (Retiered Teachers Felicitation in Bongaigaon) ৷
লগতে পঢ়ক:Rongali Bihu 2023: কুৰুৱাভাষা কৃষকজ্যোতি সংঘৰ ৰঙালী বিহু