অসম

assam

ETV Bharat / videos

কৰিমগঞ্জত খ্ৰীষ্ট ধৰ্মত ধৰ্মান্তৰিত কৰাৰ প্ৰয়াস মিজো যুৱকৰ

By

Published : Jul 6, 2022, 11:27 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

অসমৰ মাজুলীৰ পিছত এইবাৰ কৰিমগঞ্জত আৰম্ভ কৰিলে খ্ৰীষ্ট ধৰ্মত ধৰ্মান্তৰিত কৰাৰ প্ৰয়াস (Mizo Boys starts attempts to convert to Christianity in Karimganj)। মিজোৰামৰ পৰা আহি কৰিমগঞ্জ চহৰৰ মাজত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ চেষ্টা মিজো যুৱকৰ ৷ বহি আৰু আন আন সামগ্ৰী দি সাধাৰণ মানুহৰ মাজত প্ৰচাৰ চলাই গৈছে যুৱকৰ দলটোৱে । মঙলবাৰে পাঁচজনীয়া এটা দলে কৰিমগঞ্জ জিলাৰ মাজ মজিয়াত একাংশ লোকক এনে প্ৰলোভনৰ যোগেদি ধৰ্মান্তৰিত কৰাত বজৰং দলৰ সদস্য সকলে হাতেলোটে ধৰা পেলাই দলটোৰ তিনিজন মিজো যুৱকক (Bajrang Dal)। দলটোৰ দুগৰাকী মহিলা পলাই যাবলৈ সক্ষম হয় । ইয়াকে লৈ এতিয়া উত্তেজিত কৰিমগঞ্জ জিলা ৷ পিছত তিনি যুৱকক উত্তম মাধ্যম দি কৰিমগঞ্জ আৰক্ষীক গতাই দিলে বজৰং দলৰ সদস্যসকলে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details