অসম

assam

Mission Indradhanush: ধেমাজিত ৭ আগষ্টৰ পৰা আৰম্ভ হ’ব মিছন ইন্দ্ৰধনুষ

By

Published : Aug 6, 2023, 3:03 PM IST

ধেমাজি স্বাস্থ্য বিভাগৰ সংবাদমেল

ধেমাজি,৬ আগষ্ট:ধেমাজি জিলাত এশ শতাংশ টীকাকৰণ নিশ্চিত কৰিবলৈ সকলোৱে পৰা সহযোগিতা বিচাৰিলে স্বাস্থ্য বিভাগে । সমগ্ৰ দেশৰ লগতে ধেমাজি জিলাতো অহা ৭ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া সৰ্বাত্মক মিছন ইন্দ্ৰধনু ৫.০ ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পৰ্কত জিলা অতিৰিক্ত যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ কক্ষত এখন সংবাদমেল সম্বোধন কৰে জিলা স্বাস্থ্য বিভাগে ৷  

এই কাৰ্যসূচী মতে জন্ম ৫ বছৰ বয়স পৰ্যন্ত সকলো শিশুৰ সম্পূৰ্ণ টীকাকৰণ সুনিশ্চিত কৰা হ'ব ৷ উল্লেখ্য যে, ধেমাজি জিলাত প্ৰথম পৰ্যায়ত ৭ আগষ্টৰ পৰা আৰম্ভ হ’ব লগা সৰ্বাত্মক c ৫.০ ৰ বাবে ১৪২ টা টীকাকৰণৰ স্থান দিয়া হৈছে ৷  

জিলাখনৰ বাদ পৰি যোৱা দুবছৰ তলৰ ১১৮৯ টা শিশু, দুবছৰ পৰা ৫ বছৰৰ ৪৪৫ টা,আৰু ৩১৯ গৰাকী গৰ্ভৱতী মহিলাক সামৰি প্ৰস্তুতি চলোৱা হৈছে ৷ জিলাখনৰ মুঠ ৮ টা স্থানত ৭ টা ম’বাইল টীমৰ জৰিয়তে বিশেষভাৱে টীকাকৰণ কাৰ্যসূচী হাতত লোৱা হৈছে ৷ ইয়াৰ জৰিয়তে ১২ বিধ মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰিব । 

লগতে পঢ়ক:Road Accident: জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনা, নিহত যুৱক

ABOUT THE AUTHOR

...view details