Rangia dead body recover case: মাতৃ-কন্যাৰ মৃত্যুক পৰিকল্পিত আত্মহত্যা বুলি সদৰী ধৃত প্ৰবীণৰ
ৰঙিয়া, 14 আগষ্ট : ৰঙিয়াত সোমবাৰে মাতৃ-কন্যাৰ অৰ্ধগলিত মৃতদেহৰ উদ্ধাৰ হোৱাৰ পিচতে ঘটনাৰ মূল অভিযুক্ত প্ৰবীণ আগৰৱালাক বিয়লি চাপৰমুখ আৰক্ষীয়ে আটক কৰে। চাপৰমুখ জংচনৰ পৰা চাপৰমুখ আৰক্ষীয়ে আটক কৰে পৰিয়ালটোৰ মুৰব্বী প্ৰবীণ আগৰৱালাক। ৰঙিয়াত মাতৃ কন্যাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা সময়ৰে পৰা নিৰুদ্দেশ হৈ আছিল ব্যৱসায়ী প্ৰবীণ আগৰৱালা।
প্ৰবীণ আগৰৱালাক গ্ৰেপ্তাৰৰ পিচতেই ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ দিয়ে ধৃত ব্যক্তিগৰাকীয়ে ৷ আগৰৱালাই জনোৱা অনুসৰি, এইয়া তিনিজনৰে পৰিকল্পিত আত্মহত্যাৰ ঘটনা আছিল ৷ পত্নী আৰু কন্যাই বিষপান কৰি আত্মহত্যা কৰাৰ বিপৰীতে প্ৰবীণ আগৰৱালাই চিপজৰী লৈ আত্মহত্যাৰ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল ৷ টকাৰ ধাৰ থকাৰ বাবেই তিনিওৱে মিলি এনে চৰম সিদ্ধান্ত লোৱা বুলি প্ৰবীণ আগৰৱালাই প্ৰকাশ কৰিছে ৷ অৱশ্যে প্ৰকৃত ৰহস্য কি সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।
উল্লেখ্য যে, ৰঙিয়া নগৰৰ ৪ নং ৱাৰ্ডৰ শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাৰ কোঠাত উদ্ধাৰ হৈছি মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ দুটা ৷ মৃত দুগৰাকী কণিকা আগৰৱালা আৰু নিশা আগৰৱালা ওৰফে পিনু বুলি চিনাক্ত কৰা হৈছিল ।
লগতে পঢ়ক:Dead body recovered: বন্ধ কোঠাৰ ভিতৰত মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ