অসম

assam

জোনাইত মিচিং অলিম্পিকত পদক বিজয়ীক সম্বৰ্ধনা

ETV Bharat / videos

Felicitation ceremony in Jonai: জোনাইত মিচিং অলিম্পিকত পদক বিজয়ীক সম্বৰ্ধনা - Mising Olympics held in Jonai

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 5:27 PM IST

জোনাই,৩১ অক্টোবৰ: জোনাইত অলপতে অনুষ্ঠিত হোৱা মিচিং অলিম্পিকৰ প্ৰতিযোগিতাত স্থান প্ৰাপক দুগৰাকী যুৱতীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ মিচিং অলিম্পিকত ১৬ বছৰ অনুৰ্দ্ধৰ ছোৱালী শাখাৰ মাৰাথান দৌৰত তৃতীয় স্থান প্ৰাপক মনিষা দলে আৰু ১০০ আৰু ২০০ মিটাৰ দৌৰত দ্বিতীয় স্থান প্ৰাপক মায়াশ্ৰী দলেক মঙলবাৰে দিনৰ ১০ বজাত TMPK চিগা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আক্কৗং কৌবাঙৰ সহযোগত জনোৱা হয় সম্বৰ্দ্ধনা ৷  

সম্বৰ্ধনা জ্ঞাপন কৰাৰ পাছতেই দুগৰাকী স্থান প্ৰাপক খেলুৱৈক লৈ সমদল কৰে চিগা পঞ্চায়তৰ বিভিন্ন অঞ্চলত ৷ উল্লেখ্য যে, এক ঐতিহাসিক তথা ব্যতিক্ৰমী পদক্ষেপেৰে গ্ৰামাঞ্চলৰ পৰা ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰতিভাৱান যুৱক-যুৱতীসকলক লৈ পোন প্ৰথমবাৰৰ বাবে মিচিং ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাইৰ পবা খেল পথাৰত অনুস্থিত হৈছিল মিচিং অলিম্পিক । মুঠ ৬ হেজাৰ খেলুৱৈৰ পৰা বাছনি কৰা ১৬ শ গৰাকী খেলুৱৈৰ ভিতৰত প্ৰায় ১৪ টা শাখাত অনুষ্ঠিত হৈছিল মিচিং অলিম্পিকৰ ক্ৰীড়া প্ৰতিযোগিতা ।  

লগতে পঢ়ক:Badminton Asia Junior Championships 2023: অসম সন্তান বৰ্ণিলৰ স্বৰ্ণ জয়

ABOUT THE AUTHOR

...view details