Felicitation ceremony at Jonai: জোনাইত মিচিং অলিম্পিকত পদক বিজয়ীক সম্বৰ্ধনা - Mising Olympics held in Jonai
Published : Oct 29, 2023, 2:25 PM IST
জোনাই,২৯ অক্টোবৰ :দেওবাৰে জোনাইৰ ১ নং চিৰামপুৰিয়া গাঁৱৰ ১৯ বছৰ অনুৰ্ধ্বৰ মাৰাথান দৌৰত সোণৰ পদক অৰ্জন কৰা মিগম টায়োং আৰু ১৬ বছৰ অনুৰ্ধ্বৰ মাৰাথান দৌৰত পঞ্চম স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা মোহন কুটুমক উষ্ম আদৰণি জনায় আঞ্চলিক আৰু বাঃটাক সমিতিয়ে । উক্ত আদৰণি অনুষ্ঠানত উপস্থিত থাকে TPMK ৰ জোনাই জিলা সমিতিৰ ক্ৰীড়া সম্পাদক প্ৰভাকৰ টায়, সহকাৰী মনোজ নৰহ লগতে বহু গণ্য-মান্য ব্যক্তিসকল ।
ঐতিহাসিক এক ব্যতিক্ৰমী পদক্ষেপেৰে গ্ৰামাঞ্চলৰ পৰা ক্ৰীড়া প্ৰতিভাৱান যুৱক-যুৱতীসকলক লৈ পোন প্ৰথমবাৰৰ বাবে মিচিং ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাইৰ পবা খেল পথাৰত অনুস্থিত হৈছিল মিচিং অলিম্পিক । মুঠ ৬ হেজাৰ খেলুৱৈৰ পৰা বাছনি কৰা ১৬ শ গৰাকী খেলুৱৈৰ ভিতৰত প্ৰায় ১৪ টা শাখাত অনুষ্ঠিত হৈছিল মিচিং অলিম্পিকৰ ক্ৰীড়া প্ৰতিযোগিতা ।
তাৰে জোনাই জিলাই সোনৰ পদক ২ টা, ৰূপৰ ৯ টা আৰু ব্ৰঞ্জ ৩ টা, মুঠ ১৪ টা পদককেৰে জিলা ভিত্তিত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক:Rass Leela 2023 : ধেমাজিত শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ প্ৰস্তুতি আৰম্ভ